New Update
/asomiyapratidin/media/media_files/2026/01/15/new-ap-web2-2026-01-15-10-03-34.jpg)
- জামুগুৰিহাটৰ বামুনবাৰী সৰুফলীয়া গাঁৱৰ যুৱকক ঝাৰখণ্ডত হত্যা।
- জঘন্য হত্যাৰ বলি হোৱা যুৱকজনৰ নাম কৈলাশ নাথ।
- যুৱকজনৰ অকাল মৃত্যুৰ বাতৰি পাই শোকত ম্ৰিয়মান গাঁওবাসী ৰাইজ৷
- বহিৰাজ্যৰ কোম্পানীত চিকিউৰিতি গাৰ্ড হিছাপে কৰ্মৰত হৈ আছিল কৈলাস নাথ।
- দূৰ্বৃত্তই হত্যা কৰি ঝাৰখণ্ডৰ ৰাজখাৰচোৱা নামৰ এটা ৰেল ষ্টেচনত পেলাই থোৱা অৱস্থাত স্থানীয় আৰক্ষীয়ে উদ্ধাৰ কৰে ।
- ভোগালী বিহু উপলক্ষে নিজগৃ্হ অভিমুখে ৰাওনা হোৱাৰ সময়তে সংঘটিত হয় এই হত্যাকাণ্ডৰ দৰে ঘটনা।
- বামুনবাৰী সৰুফলীয়া গাঁৱৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ নাথৰ কনিষ্ঠ পুত্ৰ কৈলাস নাথৰ এই হত্যাকাণ্ডৰ উচিৎ তদন্তৰ দাবী জনাইছে গাঁওবাসী ৰাইজে।
- স্হানীয় বিধায়কৰ জৰিয়তে অসমৰ মূখ্যমন্ত্ৰীক অনুৰোধ পৰিয়াল ও গাওবাসীৰ৷
- এতিয়াও বহি:ৰাজ্য ঝাৰখণ্ডতে থকা যুৱক জনৰ মৃতদেহ জামুগুৰিহাটৰ ঘৰখনলৈ ঘুৰাই আনিবৰ বাবে চৰকাৰৰ সহায় বিচাৰিছে অতি দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালটোৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us