/asomiyapratidin/media/media_files/2025/06/22/kppp-2025-06-22-10-42-52.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ থুলটিকাত পুৱা উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ মৃতদেহ। খেৰণিৰ মাজত উদ্ধাৰ কৰা মৃতদেহটো গাঁওখনৰ দুটি সন্তানৰ মাতৃ শুৰধনি দেৱীৰ ( ২৮) বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে।
নিশা ১মান বজাৰ পৰা নিৰুদ্দেশ হৈ থকা মহিলা গৰাকীৰ পুৱা উদ্ধাৰ হয় মৃতদেহ। মহিলা গৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিবপৰা হোৱা নাই।
উল্লেখ্য যে তিনি বছৰ পূৰ্বে মহিলা গৰাকীৰ স্বামী মন বচনেটৰ মৃত্যু হৈছিল।জামুগুৰি আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷