/asomiyapratidin/media/media_files/2025/05/05/MEezjxXQYb2lJGzjL1VF.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত গৰু চোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে কালি ধলাইবিলৰ ২ নং বৰপথাৰ গাঁৱৰ খগেন শৰ্মা নামৰ লোকজনৰ ঘৰৰ গোহালিৰ পৰা দুই যুৱক আৰু দুই নাবালকে মিলি তিনিজনীকৈ গাই গৰু চুৰি কৰি নিয়ে ৷
চুৰি গৰু কেইটা নি লক্ষৰাৰ সাপ্তাহিক বজাৰত বিক্ৰী কৰাৰ প্ৰচেষ্টা চলাওতেই আৰক্ষীয়ে আটক কৰে ৷ জামুগুৰি আৰক্ষীয়ে গৰু সহ চাৰিটা চোৰক ধৰি আানি আৰক্ষী থানাত চলোৱা ব্যাপক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি আজি আটাইকেইটা গৰু চোৰক তেজপুৰ জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
গ্ৰেপ্তাৰ কৰা গৰু চোৰকেইটাই ক্ৰমে চাদিকুল আলি (২২) আৰু জতন পানিকা(২৩) ৰ আৰু বাকী দুজন নাবালক ৷ এই আটাইকেইটা গৰু চোৰৰ ঘৰ ধলাইবিলৰ চামধৰা পানী গাঁও আৰু কাষৰে বৰমতা গাঁৱত বুলি জানিব পৰা গৈছে l আনহাতে বৰ্তমানেও পলাতক অৱস্থাত থকা গৰুচোৰ চক্ৰটোৰ মূল অভিযুক্ত তথা চোৰৰ চৰ্দ্দাৰ জাফিকন (জুনু) আলি ৰ সন্ধানত জামুগুৰি আৰক্ষীয়ে তীব্ৰ অভিযাত অব্যাহত ৰাখিছে ৷