জামুগুৰিহাটৰ বিদ্যালয়ত দুষ্কৃতিকাৰীৰ তাণ্ডৱ...

নিশা দুষ্কৃতিকাৰীয়ে বিদ্যালয়খনৰ চিচি টিভি কেমেৰা ভঙাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ খোৱা পানীৰ পিতলৰ টেপটো ভাঙি পেলায় ৷ আজি দেওবাৰ হোৱা হেতুকে বহু পলমকৈ বিদ্যালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত অৱগত হয়।

author-image
Asomiya Pratidin
New Update
ss

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নিশা দুষ্কৃতিকাৰীয়ে বিদ্যালয়খনৰ চিচি টিভি কেমেৰা ভঙাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ খোৱা পানীৰ পিতলৰ টেপটো ভাঙি পেলায় ৷ আজি দেওবাৰ হোৱা হেতুকে বহু পলমকৈ বিদ্যালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত অৱগত হয়।

Advertisment

বিদ্যালয়খনত সংঘটিত এই ঘটনাৰ বিষয়ে ইতিমধ্যে জামুগুৰি আৰক্ষী থানাক অৱগত কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। উল্লেখ্য যে, খোৱা পানীৰ টেপ সমূহ ভাঙি পলোৱাৰ ফলত এতিয়া বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলোৱ সমস্যাৰ সন্মুখীন হ'ব। সেয়ে দুষ্কৃতিকাৰীক শীঘ্ৰেই চিনাক্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে বিদ্যালয় কৰ্তৃপক্ষই।

জামুগুৰিহাট