/asomiyapratidin/media/media_files/2025/03/15/wk5pUPM5FvpCnjWLvvz4.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ হোলীৰ আনন্দ উল্লাসৰ মাজতে জামুগুৰিহাটত বাইক চুৰি কাণ্ড। জামুগুৰিহাটৰ বগাবিল গাঁৱৰ বিজয় ওৰাঙ নামৰ যুৱক জনে সমনীয়াৰ সৈতে জীয়াভৰলী নদীৰ ৰেলৰ দলঙৰ কাষত গা ধুই থকা সুযোগতে নদীৰ কাষত থৈ দিয়া ওৰাঙৰ AS-12-S-0356 নম্বৰৰ ক’লা পালচাৰ 220 মডেলৰ বাইখন দুৰ্বৃত্তই লৈ যায়।
নদীত গা ধুই উঠি পিছত যুৱক জনে জীয়াভৰলী নদীৰ ৰেলৰ দলঙৰ কাষত থৈ দিয়া ঠাইত নিজৰ বাইক খন নেদেখি হতভম্ব হৈ পৰে। সম্প্ৰতি বিজয় ওৰাঙে বাইক চুৰি সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ চুৰি বাহনখনৰ মূল্য প্ৰায় ডেৰ/দুই লাখ টকা হব বুলি জানিব পৰা গৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us