জামুগুৰিহাটৰ তৌভঙাত শ্ৰী মদ্ভাগৱত জ্ঞান মহাযজ্ঞৰ আয়োজন

জামুগুৰিহাটৰ গাঁওবাসীৰ মংগল ও বিশ্ব‌শান্তিৰ হকে দিনজোৰাকৈ এই  শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ আয়োজন কৰাৰ কথা জনাইছে উদ্যোক্তা সকলে।তৌভঙা অঞ্চলৰ কেইবা শতাধিক পুৰুষ মহিলাই এই ধৰ্মীয় অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ভাগৱত পাঠ শ্ৰৱণ কৰে ।

author-image
Asomiya Pratidin
New Update
xxx

ডিজিটেল সংবাদ,জামুগুৰিহাট: জামুগুৰিহাটৰ তৌভঙাত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ ৷ এই উপলক্ষে কালি পুৱাই মাংগলিক নীতি নিয়মেৰে শ্ৰী মদ্ভাগৱত জ্ঞান মহাযজ্ঞৰ কাৰ্য্যসূচী শুভাৰম্ভ  কৰা হয়।

Advertisment

অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী ৰঘুনাথ শৰ্মাৰ পৰিয়ালবৰ্গৰ বিশেষ তৎপৰতাত সৰবৰহী মহিলা সমাজকৰ্মী প্ৰয়াত ৰেণুকা শৰ্মাৰ আত্মাৰ চিৰশান্তি কামনাৰ লগতে গাঁওবাসীৰ মংগল ও বিশ্ব‌শান্তিৰ হকে দিনজোৰাকৈ এই শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ আয়োজন কৰাৰ কথা জনাইছে উদ্যোক্তা সকলে।

তৌভঙা অঞ্চলৰ কেইবা শতাধিক পুৰুষ মহিলাই এইধৰ্মীয় অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ভাগৱত পাঠ শ্ৰৱণ কৰে । শ্ৰীমদ্ভাগৱত পুৰাণৰ বিষয়ে ধৰ্মপ্ৰাণ ৰাইজ তথা ভক্ত সকলৰ সন্মুখত বিস্তৃত ভাৱে বাখ্যা দাঙি ধৰে আচাৰ্য পণ্ডিত তথা ধৰ্মীয় গুৰু লোকনাথ পোখড়েলে ।

শ্ৰী মদ্ভাগৱত জ্ঞান মহাযজ্ঞৰ ভাগৱত পুৰাণ অনুষ্ঠানৰ লগত সংগতি ৰাখি  ১৫ গৰাকীৰো অধিক মাতৃ তুল্য বৰ্ষিয়ান মহিলা সমাজকৰ্মীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সন্ধিয়াৰ অন্তিম কাৰ্য্যসূচীত  অঞ্চলটোৰ অপায় অমংগল দূৰ হোৱাৰ কামনাৰে একলাখ বন্তি প্ৰজ্বলনৰে চৌপাশ আলোকিত কৰি তোলা হয় ।

অঞ্চলটোৰ সৰবৰহী মহিলা সমাজকৰ্মী স্বৰ্গীয় ৰেণুকা শৰ্মাৰ  সু সন্তান তথা বালিপৰাৰ ওম ছো টাইলছৰ স্বতাধিকাৰী  দীপক শৰ্মাই শ্ৰী মদ্ভাগৱত জ্ঞান মহাযজ্ঞৰ সমূহ কাৰ্য্যসূচীত অংশগ্ৰহণকাৰী সকলো শ্ৰেণীৰ ভক্ত প্ৰাণ ৰাইজক পৰিয়ালবৰ্গৰ হৈ ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ।

জামুগুৰিহাট