/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-27/4xsv0ulr/DDDD.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বামুনিপামৰ যোগীবস্তি অঞ্চলত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই কৃষক ৰাইজৰ খেতিপথাৰ নষ্ট কৰিছে৷জীয়াভৰলী নদীপৰীয়া দুৰ্ভগীয়া কৃষক ৰাইজে মুৰৰ ঘাম মাতিত পেলাই বহু কষ্টেৰে কৰা ধান খেতি সমুহ চপোৱাৰ বাবে কেইটামান দিন বাকী থকা তথা ধান সমুহ পকাৰ আগ মুহুৰ্ততে এনেদৰে বনৰীয়া হাতীৰ জাকে খেচিগুলি খাই তহিলং কৰাত কৃষক ৰাইজে মুৰে কপালে হাত দিছে৷
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই অহা ৪০/৫০ জনীয়া বনৰীয়া হাতীৰ জাকটোৱে তাণ্ডৱ অব্যাহত ৰাখি নিশাৰ ভাগত ৰাইজৰ ঘৰদুৱাৰ ভাঙি তহিলং কৰাৰ আশংকা প্ৰকাশ কৰি বিনিদ্ৰ ৰজনী কটাব লগীয়াত পৰিছে গঞা ৰাইজ৷
ঢাল তৰোৱাল বিহীন বনবিভাগৰ লোক সকল উপস্থিত হৈ অঞ্চলটোত বনৰীয়া হাতীৰ উদ্ৰৱ তথা বনৰীয়া হাতীৰ জাকটোক দেখা পায় আৰু কৃষকৰ ধান খেতি নষ্ট কৰা দেখা পাই যদিও বন বিভাগৰ লোক সকলে বনৰীয়া হাতীৰ জাকটোক সেই ঠাইৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা নকৰি ওভিতহে যায় বুলি ৰাইজে অভিযোগ কৰিছে ৷
দীৰ্ঘদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত থকাৰ পিছতো ইয়াৰ সমীপতে থকা ডিপলোঙা বনাঞ্চলিক কাৰ্য্যালয়ৰ বনবিষয়া ও বনকৰ্মী সকলে বনৰীয়া হাতী খেদি পথোৱা অথবা হাতী প্ৰতিৰোধৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ কৰিছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us