/asomiyapratidin/media/media_files/2025/01/22/VTwJ4vLVm9tqIdbmoj5S.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট: কৰ্মসংস্থাপনৰ বাবে কেৰেলালৈ যোৱা জামুগুৰিহাটৰ বাঁহবাৰী গাঁৱৰ এগৰাকী যুৱক যোৱা ১২দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চ্যলৰ সৃষ্টি কৰিছে।গাঁওখনৰ জোনটি কলিতা নামৰ যুৱকজনে যোৱা ৭জানুৱাৰীতে দুজন বন্ধুৰ লগত কেৰেলালৈ বুলি ৰেলযোগে যাত্ৰা কৰিছিল।
কিন্তু কেৰেলা পোৱাৰ পূৰ্বেই তামিলনাডুৰ কোৱাইম্বাটোৰ ৰেল ষ্টেচনৰ পৰাই নিৰুদ্দেশ হয় জোনটি কলিতা নামৰ যুৱকজন। যুৱকজনে লগত লৈ যোৱা মবাইল ফোনটো সেইদিন ধৰি বন্ধ হৈ আছে। পৰিয়ালৰ লগত জোনটি কলিতাৰ কোনো ধৰণৰ যোগাযোগ হোৱা নাই বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈকে ফোন যোগে নোহোৱাত এতিয়া চিন্তিত হৈ পৰিছে বহিঃৰাজ্যত নিৰুদ্দেশ হোৱা যুৱকজনৰ পৰিয়ালবৰ্গ।
ইতিমধ্যে এই সন্দৰ্ভত নিৰুদ্দেশ হোৱা জোনটি কলিতাৰ পৰিয়ালে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও সফল হোৱা নাই।পৰিয়ালৰ লোকে শীঘ্ৰেই জোনটি কলিতাৰ সন্ধান উলিয়াবলৈ আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us