Advertisment

জামুগুৰিহাটত সাপ্তাহিক শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ আয়োজন

জামুগুৰিহাটত আজিৰ পৰা শুভাৰম্ভ হোৱা শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ গাঁওবাসী ৰাইজৰ সহযোগত পুৱাই মাংগলিক নীতি নিয়মেৰে জল যাত্ৰা কাৰ্য্যসূচী সম্পন্ন হয়।

author-image
Asomiya Pratidin
New Update
fghfhfghfh

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ   জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ১নম্বৰ বাটমাৰীত সাপ্তাহিক শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ অনুষ্ঠিত হৈছে ৷ 

Advertisment

গাঁওখনৰ সমাজহিতৈসী পৰিয়ালৰ তৰফৰ পৰা দিল্লীৰাম নেৱাৰ,যশোদা নেৱাৰ,ৰেখা নেৱাৰ আৰু শোভা নেৱাৰৰ বিশেষ তৎপৰতাত স্বৰ্গীয় বল বাহাদুৰ নেৱাৰ আৰু গংগামায়া নেৱাৰৰ আত্মাৰ শান্তি ও স্মৃতি ৰক্ষাৰ্থে পৰিয়ালৰ লগতে গাঁওবাসীৰ মংগল আৰু বিশ্বশান্তি কামনাৰে এই সাপ্তাহিক শ্ৰীমদ্ভাগৱত জ্ঞান মহাযঞ্জৰ আয়োজন কৰা হৈছে। 

গাঁওবাসী ৰাইজৰ সহযোগত পুৱাই মাংগলিক নীতি নিয়মেৰে গায়ন বায়ন যোৰাৰ সৈতে শ শ ভক্ত প্ৰাণ মহিলা-পুৰুষে জীয়া ভৰলী নদীৰ ঘাটৰ পৰা কলহত পানী ভৰাই জল যাত্ৰা কৰাৰ পিছতে আৰম্ভ অন্যান্য ধৰ্মীয় কাৰ্য্যসূচী হয়।

জামুগুৰিহাট