Advertisment

জামুগুৰিহাটত গোৰ্খা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ সম্পন্ন

অসমী মহিলা মঞ্চৰ নদুৱাৰৰ সম্পাদিকা টিংকু দেৱীয়ে জনোৱা মতে সমগ্ৰ নদুৱাৰ সমষ্টি ভিত্তিত আয়োজিত এই সাংস্কৃতিক সমাৰোহত গোৰ্খা জনগোষ্ঠীৰ লোক সকলৰ দেউচি ভইলী আৰু সংগিনী নৃত্যৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
zxczc

ডিজিটেল সংবাদ,জামুগুৰিহাট:   জামুগুৰিহাটৰ টুপীয়া সামূহিক ভৱন প্ৰাংগণত দেওবাৰে দিনজোৰা কাৰ্য্যসূচীৰে গোৰ্খা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈ যায় ৷ বৃহত্তৰ নদুৱাৰ গোৰ্খা সমাজৰ তত্বাৱধানত আৰু অসমী মহিলা মঞ্চৰ নদুৱাৰৰ উদ্যোগত অনুষ্ঠিত গোৰ্খা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত গোৰ্খা জনগোষ্ঠীৰ প্ৰায় পাচ হোজাৰৰো অধিক পুৰুষ,মহিলা, যুৱক,যুৱতীৰ সমাগম ঘটা পৰিলক্ষিত হয়৷

Advertisment

 অসমী মহিলা মঞ্চৰ নদুৱাৰৰ সম্পাদিকা টিংকু দেৱীয়ে জনোৱা মতে সমগ্ৰ নদুৱাৰ সমষ্টি ভিত্তিত আয়োজিত এই সাংস্কৃতিক সমাৰোহত গোৰ্খা জনগোষ্ঠীৰ লোক সকলৰ দেউচি ভইলী আৰু সংগিনী নৃত্যৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ বিজিত দল সমূহৰ মাজত নগদ ধনৰ লগতে আকৰ্ষণীয় বঁটাও বিতৰণ কৰা হয়।অসম নেপালী সাহিত্য সভাৰ সভাপতি চিন্তামনি শৰ্ম্মাৰ সভাপতিত্ব অনুষ্ঠিত বৃহৎ সাংস্কৃতিক অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ 

বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে নেপালী সাংস্কৃতিক সুৰক্ষা পৰিষদ আমা মঞ্চৰ অধ্যক্ষা দৈৱকী তিমচিনা,সচিব সৰস্বতী পৌড়েল,অসম গোৰ্খা সন্মিলৰ উপ সভাপতি অৰ্জুন চেত্ৰী, গোৰ্খা ছাত্ৰ সন্থা‌ৰ কেন্দ্ৰীয় উপ সভাপতি দীলিপ গুজৰেলকে ধৰি বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তিয়ে ৷ সাংস্কৃতিক সমাৰোহ খনিত অংশগ্ৰহণকাৰী সকলক অসমী মহিলা মঞ্চৰ তৰফৰ পৰা ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ৷

গোৰ্খা জনগোষ্ঠী