/asomiyapratidin/media/media_files/2025/05/15/Lf5yD2AZoEGV9534TaBR.jpg)
জামুগুৰিহাটৰত ভয়ংকৰ ঘটনা
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়াৰ বেটগুৰি গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। সম্পৰ্কীয় বিকলাংগ ভনীয়েকক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এজন বিবহিত যুৱকে ধৰ্ষণত লিপ্ত হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
মনুয়েল তপ্ন ( ২৫) নামৰ লম্পট যুৱকজনে সংঘটিত কৰিছে এই ঘৃণনীয় কাণ্ড। বিশেষভাৱে সক্ষম ভনীয়েকৰ সৈতে এই কাণ্ড সংঘটিত কৰাৰ সময়ছোৱাত পৰিয়ালৰে এগৰাকী যুৱতীয়ে প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত সেই স্থানৰ পৰা ধৰ্ষণকাৰী মনুয়েল তপ্নই পলাই পত্ৰং দিয়ে ৷ লগে লগে এই ঘটনা সন্দৰ্ভত ধৰ্ষিতা যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে গাওঁৰক্ষী বাহিনীৰ জৰিয়তে জামুগুৰি আৰক্ষীক অৱগত কৰে৷
জামুগুৰি আৰক্ষীয়ে গাঁওৰক্ষী বাহিনীৰ সহযোগত পলাতক অৱস্থাত থকা ধৰ্ষণকাৰী মনুয়েল তপ্নক আটক কৰি জেৰা অব্যাহত ৰাখে৷ পিচত ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত জামুগুৰি আৰক্ষীয়ে ধৰ্ষণকাৰী মনুৱেল তপ্নক গ্ৰেপ্তাৰ কৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তেজপুৰ জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ স্থানীয় ৰাইজে অসহায়, দূৰ্ভগীয়া ,বিকলাংগ যুৱতী গৰাকীৰ সৈতে ধৰ্ষণৰ দৰে জঘন্য কাৰ্য্যত লিপ্ত হোৱা লম্পট মনুয়েল তপ্নৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৷