প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাৰ নামত উৎসৰ্গিত স্মৃতি তোৰণ উন্মোচন

বিশ্বজিত শইকীয়াই আঁতধৰা অনুষ্ঠানত প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাৰ নামত উৎসৰ্গিত তোৰণখনি উন্মোচন কৰাহয় ৷ এই কায্যসূচী বিকাশ শৰ্মাৰ পিতৃ হেমকান্ত শৰ্মা , পত্নী আল্পনা ফুকন, ভাতৃ প্ৰকাশ শৰ্মা আৰু পুত্ৰ অংকুৰ বিকাশ শৰ্মাকে ধৰি বহুসংখ্যক ৰাইজ উপস্থিত আছিল ৷

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পিুপি

ডিজিটেল সংবাদ,গোলাঘাটঃ  জ্যেষ্ঠ সাংবাদিক তথা গোলাঘাট জিলা নিৱাসী প্ৰয়াত বিকাশ শৰ্মাৰ নামত উৎসৰ্গিত স্মৃতি টোৰণখনি আজি সাংবাদিক গৰাকীৰ পিতৃ হেমকান্ত শৰ্মাই ফিটা কাটি আয়তীৰ উৰুলিৰ মাজত উন্মোচন কৰে ৷ 

আজিৰে পৰা তিনিদিনীয়াকৈ গোলাঘাটৰ সমন্বয় খেলপথাৰত অনুষ্ঠিত হোৱা ৬৪ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মূল টোৰণ খনি প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাৰ নামত উৎসৰ্গা কৰা হৈছে ৷ অনুষ্ঠানত আজি প্ৰথম দিনটোত পুৱা বিশিষ্ট ব্যক্তি সকলে মূল পতাকাৰ লগতে ৬৪ খন পতাকা উত্তোলন কৰে ৷ 

ইয়াৰ পিছতে উদযাপন সমিটিৰ সম্পাদক বিশ্বজিত শইকীয়াই আঁত ধৰা অনুষ্ঠানত প্ৰয়াত সাংবাদিক বিকাশ শৰ্মাৰ নামত উৎসৰ্গিত তোৰণখনি উন্মোচন কৰাহয় ৷ এই কাৰ্যসূচী বিকাশ শৰ্মাৰ পিতৃ হেমকান্ত শৰ্মা , পত্নী আল্পনা ফুকন, ভাতৃ প্ৰকাশ শৰ্মা আৰু পুত্ৰ অংকুৰ বিকাশ শৰ্মাকে ধৰি বহু সংখ্যক ৰাইজ উপস্থিত আছিল ৷ 

অনুষ্ঠানত প্ৰয়াত সঙ্গীতজ্ঞ মাণিক বৰা,প্ৰয়াত সাংবাদিক বিকাশ শৰ্মা, প্ৰয়াত উদ্ভিদ বিজ্ঞানী ড° পদ্মেশ্বৰ গগৈৰ প্ৰতিচ্ছবিত বন্তী প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ৷ এই কেওটা অনুষ্ঠানতে পৰিয়ালবৰ্গৰ লোকৰ লগতে কেইবাশ ৰাইজ আৰু উদযাপন সমিটিৰ বিষয়ববীয়া সকল উপস্থিত আছিল ৷

গোলাঘাট