জামুগুৰিহাটত নামঘৰ উন্নয়ন পুঁজিৰ চেক বিতৰণ

সভাত অংশগ্ৰহণ কৰি বিধায়ক পদ্ম হাজৰিকাই কেইবাটাও ধৰ্মীয় উপাসনা গৃহ তথা নামঘৰৰ উন্নয়নৰ বাবে আবন্টিত পুঁজিৰ চেক বিতৰণ কৰে লগতে অংগনবাড়ী কেন্দ্ৰৰ দ্বাৰ উন্মোচন

author-image
Asomiya Pratidin
New Update
1JAMU

ডিজিটেল সংবাদ ,জামুগুৰিহাটঃ আজি জামুগুৰিহাটৰ পাতলৰচুক গাঁৱত এক দলীয় সভা অনুষ্ঠিত হয়। উক্ত সভাত অংশগ্ৰহণ কৰি বিধায়ক পদ্ম হাজৰিকাই কেইবাটাও ধৰ্মীয় উপাসনা গৃহ তথা নামঘৰৰ উন্নয়নৰ বাবে আবন্টিত পুঁজিৰ চেক বিতৰণ কৰে ৷

ইয়াৰ পিছতে বিধায়ক গৰাকীয়ে নদুৱাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া, নদুৱাৰ ৰাজহচক্ৰ বিষয়া,জামুগুৰি পৌৰসভাৰ পৌৰপতিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ও স্থানীয় ৰাইজৰ উপস্থিতিত পাতলৰচুক গাঁৱৰ লগতে বৰভগীয়া গাঁৱৰ দুটাকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ দ্বাৰ উন্মোচন কৰে ৷

পদ্ম হাজৰিকা