ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ অন্তৰ্গত জামুগুৰিহাটৰ চাৰিলেণ্ড যুক্ত পথত ৰখাই থোৱা AS - 01- JC-0417 নম্বৰৰ এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ চিমেণ্ট চুৰি হয় ৷ চুৰি কৰা চিমেণ্টখিনি জামুগুৰিহাটৰ এখন হাৰ্ডৱেৰ দোকানৰ গুদামত উদ্ধাৰ হয় ৷
ইতিমধ্যে হাৰ্ডৱেৰ দোকানৰ স্বত্বাধিকাৰী নন্দিকশ্বৰ গাঁৱৰ নিৱাসী সমীৰণ মিশ্ৰক আটক কৰি জেললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷ এই চুৰি চিমেণ্ট ব্যৱসায়ীৰ লগত জৰিত আন দুজন যুৱক ক্ৰমে বাহঁবৰীয়া চুকৰ দিপু ওজা আৰু হেমবাহাদুৰ ছেত্ৰীকো আটক কৰি জেললৈ প্ৰেৰণ কৰিছে ৷
জানিব পৰা মতে, জেললৈ প্ৰেৰণ কৰা হেমবাহাদুৰ ছেত্ৰী চিমেণ্ট ভৰ্তি ট্ৰাকখনৰ হেণ্ডিমেন। হাৰ্ডৱেৰ ব্যৱসায়ী সমীৰণ মিশ্ৰৰ বিৰুদ্ধে ৰ'দ,চিমেণ্টকে ধৰি বিভিন্ন সামগ্ৰী চোৰাংকৈ বিক্ৰী কৰাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে ৰাইজৰ ৷