/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3a5bc688-53fd-46df-b13a-98e105dc397e/9.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ দক্ষিণাঞ্চলত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। সংহাৰী ৰূপ ধাৰন কৰা বানৰ কোবাল সোঁতে উটুৱাই নিলে ১ নং খলিহামাৰী আৰু ২ নং খলিহামাৰী সংযোগী পথত থকা এটা কালভাৰ্টৰ লগতে পথৰ এটা অংশ।
যাৰ ফলত এতিয়া কেইবাখনো গাঁৱৰ ৰাইজৰ বাবে যাতায়ত ব্যৱস্থা বিছিন্ন হৈ পৰিছে।ব্ৰহ্মপুত্ৰৰ উপ নৈ ঘিলাধাৰী নদীৰ পানী ফেনে ফুটুকাৰে উপচি পৰাত অঞ্চলটোৰ ন ন অঞ্চল প্লাবিত হৈ পৰিছে৷ ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us