/asomiyapratidin/media/media_files/2025/05/10/WIwUUDpU9MZ0lYRPRM3z.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ দেশমাতৃৰ সেৱাৰ উদ্দেশ্যৰে সীমান্তত যুদ্ধৰ বাৱে যাবলৈ ওলোৱা এজন যুৱকক গঞা ৰাইজে নামঘৰত হৰিধ্বনিৰে বিদায় দি চৰম দেশপ্ৰেমৰ চানেকি দিয়া পৰিলক্ষিত হৈছে ৷ জামুগুৰিহাটৰ ঢেকেৰী গাঁৱৰ নিৱাসী এইজন CRPFত নিয়োজিত যুৱক মন্টু বৰাই এমাহৰ ছুটি লৈ ঘৰলৈ আহিছিল যদিও চৰকাৰৰ নিৰ্দেশ পাই পুনৰ ওভতি যাবলৈ ওলাইছে দেশৰ সীমান্তলৈ ৷
সেয়ে আজি গঞা ৰাইজে যুৱকজনক নামঘৰত যুদ্ধ জিনি অহাৰ আশীৰ্বাদ প্ৰদান কৰি সমুহীয়া হৰিধ্বনি দি বিদায় দিয়ে ৷ আনহাতে দেশমাতৃ ৰক্ষাৰ বাবে পুত্ৰক যুদ্ধক্ষেত্ৰলৈ পঠিয়াই গৌৰৱ অনুভৱ কৰা বুলিও মন্তব্য কৰে জোৱান মন্টু বৰাৰ পিতৃ চেনীৰাম বৰা আৰু মাতৃ আৰতি বৰাই ৷