ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজিৰে পৰা শতবৰ্ষ অনুষ্ঠান আৰম্ভ হয় ৷ এই উদ্দেশ্যৰে পূৱা পতাকা উত্তোলন, প্ৰয়াত নৰেন দাস সোৱঁৰণী তোৰনৰ শুভ উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই৷
পূৱা ১১ বজাত বিভিন্ন জনগোষ্ঠীয় লোক সংস্কৃতি তথা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উন্মোচন কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷ সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে বিদ্যালয় খনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে অসম চৰকাৰে ৮ কোটি টকা আৱণ্টন দিয়াৰ কথা আনুষ্ঠানিক ভাৱে ঘোষনা কৰে ৷