Advertisment

জামুগুৰিহাটত গোৰ্খা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ ব্যাপক প্ৰস্তুতি

৫ জানুৱাৰীত অনুষ্ঠিত হ'ব লগা গোৰ্খা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত গোৰ্খা জনগোষ্ঠীৰ প্ৰায় পাচ হোজাৰৰো অধিক পুৰুষ,মহিলা, যুৱক-যুৱতীৰ সমাগম হ'ব বুলি জানিবলৈ দিছে অসমী মহিলা মঞ্চৰ নদুৱাৰৰ সম্পাদিকা টিংকু দেৱীয়ে। 

author-image
Asomiya Pratidin
New Update
sf

ডিজিটেল সংবাদ, জামুগুৰিহাট: জামুগুৰিহাটৰ টুপীয়া সামূহিক ভৱন প্ৰাংগণত গোৰ্খা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে ৷ বৃহত্তৰ নদুৱাৰ গোৰ্খা সমাজৰ তত্বাৱধানত আৰু অসমী মহিলা মঞ্চৰ নদুৱাৰৰ উদ্যোগত ৫ জানুৱাৰীত অনুষ্ঠিত হ'ব লগা গোৰ্খা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত গোৰ্খা জনগোষ্ঠীৰ প্ৰায় পাচ হোজাৰৰো অধিক পুৰুষ,মহিলা, যুৱক-যুৱতীৰ সমাগম হ'ব বুলি জানিবলৈ দিছে অসমী মহিলা মঞ্চৰ নদুৱাৰৰ সম্পাদিকা টিংকু দেৱীয়ে। 

Advertisment

সমগ্ৰ নদুৱাৰ সমষ্টি ভিত্তিত অনুষ্ঠিত হব লগা এই সাংস্কৃতিক সমাৰোহ খনিত গোৰ্খা জনগোষ্ঠীৰ লোক সকলৰ দেউচি ভইলী আৰু সংগিনী নৃত্যৰ প্ৰতিযোগিতা সমুহ অনুষ্ঠিত  হ'ব। সমাৰোহৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰিব অসম নেপালী সাহিত্য সভাৰ সভাপতি চিন্তামণি শৰ্মাৰ লগতে বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তিয়ে ৷

গোৰ্খা জনগোষ্ঠী