/asomiyapratidin/media/media_files/2025/05/13/8pcI75T4GFytQ3kDascN.jpg)
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আজি পুৱা ভাগত জম্মু-কাশ্মীৰৰ ছপিয়ানত সেনাৰ গুলীত নিহত হয় ৩টা সন্ত্ৰাসবাদী।
পুৱাৰ ভাগতে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সৃষ্টি হৈছিল প্ৰচণ্ড গুলীয়াগুলি। পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰি পুনৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদী কেইটাই।
নিহত হোৱা সন্ত্ৰাসবাদী কেইটাৰ ভিতৰত এটা পেহেলগাম ঘটনাৰ সৈতে জড়িত বুলি সেনাৰ এক সূত্ৰই সদৰি কৰিছে। অৱশ্যে ইয়াক লৈ কোনো আনুষ্ঠানিক তথ্য সদৰি কৰা নাই ভাৰতীয় সেনাই।