জম্মু কাশ্মীৰত ব্যৰ্থ ইণ্টেলিজেঞ্চ এজেঞ্চিঃ সুৰক্ষা বাহিনীৰ উপৰিও লক্ষ্য হয় তীৰ্থ যাত্ৰী, প্ৰবজিত শ্ৰমিক, পৰ্যটক

পেহেলগামৰ দৰে পৰ্যটকৰে পৰিপূৰ্ণ এটা অঞ্চলত কিদৰে সন্ত্ৰাসবাদীয়ে হাতত মাৰণাস্ত্ৰ লৈ মুকলিকৈ আহি তেওঁলোকৰ এজন এজনকৈ পৰিচয় লৈ হত্যা কৰিবলৈ সক্ষম হ’ল সেয়াও প্ৰশ্নৰ বিষয়।

author-image
Asomiya Pratidin
New Update
জম্মু কাশ্মীৰত ব্যৰ্থ ইণ্টেলিজেঞ্চ এজেঞ্চিঃ সুৰক্ষা বাহিনীৰ উপৰিও লক্ষ্য হয় তীৰ্থ যাত্ৰী, প্ৰবজিত শ্ৰমিক, পৰ্যটক

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰলৈ স্থায়ী শান্তি ঘূৰাই আনিবলৈ, সন্ত্ৰাসবাদী মুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ধাৰা ৩৭০ প্ৰত্যাহাৰ কৰি ৰাজ্যৰ মৰ্যাদা কাঢ়ি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰিছে যদিও এই উপত্যকাত সন্ত্ৰাসবাদীৰ সমস্যা হ্ৰাস হোৱা নাই। বৰঞ্চ কিছু দিনৰ আগলৈকে ইয়াত প্ৰবজিত শ্ৰমিকক দৃৰ্বৃত্তই বাচি বাচি হত্যা কৰাৰ সমান্তৰালকৈ বিভিন্ন স্থানত নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলীচালমা, বোমা বিস্ফোৰণৰ দৰে ঘটনা অব্যাহত আছে। আনকি আক্ৰমণৰ সন্মুখীন হৈছে তীৰ্থ যাত্ৰীও। 

Advertisment

কাশ্মীৰৰ পেহেলগামত মঙলবাৰে সংঘটিত হোৱা এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ কাশ্মীৰত কিয় বাৰে বাৰে ইণ্টেলিজেঞ্চ এজেঞ্চিসমূহ ব্যৰ্থ হয় সেই প্ৰশ্ন উত্থাপিত হৈছে।

পেহেলগামৰ দৰে পৰ্যটকৰে পৰিপূৰ্ণ এটা অঞ্চলত কিদৰে সন্ত্ৰাসবাদীয়ে হাতত মাৰণাস্ত্ৰ লৈ মুকলিকৈ আহি তেওঁলোকৰ এজন এজনকৈ পৰিচয় লৈ হত্যা কৰিবলৈ সক্ষম হ’ল সেয়াও প্ৰশ্নৰ বিষয়। ইমান মুকলিকৈ কিদৰে সন্ত্ৰাসবাদীয়ে বিচৰণ কৰিব পাৰিছে, ইণ্টেলিজেঞ্চ এজেঞ্চিসমূহে কিয় এই খবৰ সুৰক্ষা বাহিনীক দিব পৰা নাই সেয়াও ৰহ্স্যৰ মাজলৈ গৈছে। 

উল্লেখ্য যে, অমৰনাথ, বৈষ্ণো দেৱী বা আন ধৰ্মীয় স্থানলৈ যোৱা তীৰ্থ যাত্ৰীসকলো যোৱা সময়ছোৱাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্মুখীন হৈছে। কিন্তু পৰ্যটকৰ ওপৰত এইদৰে হোৱা আক্ৰমণ যোৱা দুটা দশকৰ পাছত এয়াই প্ৰথম বুলিব পাৰি।দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত মঙলবাৰে বিয়লি সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহতৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে। এই ২৬ জনেই আছিল পৰ্যটক। 

স্মৰ্তব্য, ২০০৬ চনৰ ২৬ মে’ত শ্ৰীনগৰৰ বাহিৰৰ জাকুৰাৰ বাটাপোৰা অঞ্চলত সন্ত্ৰাসবাদীয়ে এখন পৰ্যটন বাছত গ্ৰেণেড নিক্ষেপ কৰাৰ ফলত সেইবাৰ চাৰিজন পৰ্যটকৰ মৃত্যু হৈছিল আৰু ছয়জন আহত হৈছিল। নিহত লোক কেইজন আছিল গুজৰাটৰ বাসিন্দা। 

প্ৰসংগক্ৰমে সেই সময়ত নৰেন্দ্ৰ মোডী আছিল গুজৰাটৰ মুখ্যমন্ত্ৰী। সেই বছৰৰ ১১ জুলাইত শ্ৰীনগৰৰ লাল চ’কতো পৰ্যটক ভৰ্তি বাছত পুনৰ গ্ৰেণেড আক্ৰমণ সংঘটিত হৈছিল। সেই ঘটনাত এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছিল। সেইদিনা শ্ৰীনগৰৰ বিভিন্ন প্ৰান্তত মুঠ ৫টাকৈ আক্ৰমণত মুঠ ৮ জন লোকৰ মৃত্যু হৈছিল। 

দুটা দশকৰ পূৰ্বে হোৱা সেই আক্ৰমণৰ সময়ত কংগ্ৰেছ নেতা গুলাম নবী আজাদ আছিল জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী। এতিয়া তেওঁ বিজেপিৰ ঘনিষ্ঠ সহযোগী। ২০০৬ চনৰ সেই দুয়োটা আক্ৰমণতে জড়িত আছিল পাকিস্তানী উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবা। 

ইতিমধ্যে মঙলবাৰেও পেহেলগামত সংঘটিত হোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি লস্কৰ-ই-তৈবাৰে এটা গোট ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ)য়ে এক বিবৃতি প্ৰকাশ কৰি এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। উল্লেখনীয়, বিগত বৰ্ষৰ জুন মাহতো লোকসভা নিৰ্বাচনৰ অন্তত ৰিয়াছি জিলাৰ শিৱখোডা মন্দিৰৰ পৰা কাটৰালৈ তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছত এই টি আৰ এফ নামৰ উগ্ৰপন্থী গোটটোৱেই আক্ৰমণ চলাইছিল। 

সেই আক্ৰমণত ১০ জন লোক নিহত হৈছিল। সেইদৰে অমৰনাথ তীৰ্থযাত্ৰাত ব্যাঘাত জন্মাবলৈ লস্কৰ-ই-তৈবাই বাৰে বাৰে আক্ৰমণ চলাই আহিছে। ২০১৭ চনত চলোৱা তেনে এক আক্ৰমণত ৭ গৰাকী মহিলাকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল। 

এইদৰেই কাশ্মীৰত পৰ্যটক আৰু তীৰ্থযাত্ৰী আক্ৰমণৰ সন্মুখীন হৈ অহাৰ পাছতো, প্ৰায়ে সুৰক্ষাবাহিনীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈ থকাৰ বিষয়টো চিন্তনীয়ই নহয়, দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত চৰম ভাবুকি হৈ পৰিছে। তাৰ পাছতো কিয় ইণ্টেলিজেঞ্চ ব্যৰ্থ হয়, ইণ্টেলিজেঞ্চে সঠিক খবৰ দিব নোৱাৰে সেয়া একা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। 

 

সন্ত্ৰাসবাদী আক্ৰমণ জম্মু কাশ্মীৰ