জম্মু-কাশ্মীৰত পুনৰ সেনা সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত এজন…

জম্মু-কাশ্মীৰত পুনৰ সেনা সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত এজন…

author-image
asomiyapratidin
New Update
কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৪ সন্ত্ৰাসবাদী

ডিজিটেল ডেস্ক : শনিবাৰে নিশা জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ভিনাৰ অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা এক সংঘৰ্ষত নিহত হয় এজন সন্ত্ৰাসবাদী । ধৃত সন্ত্ৰাসবাদীটো ইৰচাদ আহমেদ ভট্ট বুলি চিনাক্ত কৰা হৈছে । নিহত সন্ত্ৰাসবাদীটো  ২০২২ চনৰ মে মাহৰ পৰা লস্কৰ-ই-তৈবাৰ লগত জৰিত আছিল ।

Advertisment

সন্ত্ৰাসবাদীটোৰ পৰা সেনা আৰক্ষীয়ে এটা একে-৪৭ ৰাইফল , দুটা মেগজিন সহ ৩০ জাই সক্ৰিয় গুলী উদ্ধাৰ কৰে । জম্মু-কাশ্মীৰ আৰক্ষীয়ে দেওবাৰে সদৰি কৰে এই কথা ।  

উল্লেখ্য যে , শনিবাৰে পুৱাৰ ভাগত বাৰামুলা জিলাৰ বাণীগাম নামৰ ঠাইত এটা সন্ত্ৰাসবাদীৰ দলে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰি সেনা আৰু আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি অভিযান আৰম্ভ কৰিছিল ।

আৰু পঢ়ক : বৃহৎ পৰিমাণৰ ধন সহ আটক তিনি কংগ্ৰেছী বিধায়ক…

india jammu kashmir police indian army