জম্মু-কাশ্মীৰৰ কিষ্টোৱাৰত সেনাৰ অভিযান, নিহত তিনি সন্ত্রাসবাদী

জম্মু-কাশ্মীৰৰ কিষ্টোৱাৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলিছিল সেনাৰ অভিযান। এই অভিযানত বৃহৎ সফলতা লাভ কৰে সেনাই। অভিযানত তিনিটাকৈ সন্ত্ৰাসবাদীক নিধন কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনা। নিহত তিনি সন্ত্রাসবাদী পাকিস্তানপুষ্ট জেইছ-ই-মহম্মদৰ সদস্য বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
জেইছ-ই-মহম্মদৰ সেনাধ্যক্ষ ছাইফুল্লাক নিধন!

জেইছ-ই-মহম্মদৰ সেনাধ্যক্ষ ছাইফুল্লাক নিধন!

ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ কিষ্টোৱাৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলিছিল সেনাৰ অভিযান। এই অভিযানত বৃহৎ সফলতা লাভ কৰে সেনাই। অভিযানত তিনিটাকৈ সন্ত্ৰাসবাদীক নিধন কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনা। নিহত তিনি সন্ত্রাসবাদী পাকিস্তানপুষ্ট জেইছ-ই-মহম্মদৰ সদস্য বুলি জানিব পৰা গৈছে। আনহাতে, এই অভিযানত জেইছ-ই-মহম্মদৰ শীৰ্ষ সেনাধ্যক্ষ ছাইফুল্লাৰো মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে সেনাৰ তৰফৰ পৰা স্পষ্ট কৰা নাই এই তথ্য।

Advertisment

উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছাত্ৰু অঞ্চলত ৯ এপ্ৰিলৰ পৰা চলি আছিল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাৰ এই অভিযান। বৃহস্পতিবাৰেও নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হৈছিল। ইয়াৰ পূৰ্বে শুকুৰবাৰে নিহত হৈছিল আন এজন সন্ত্ৰাসবাদী। বৰ্তমানেও সমগ্ৰ অঞ্চলটোত তালাচী অভিযান চলি আছে আৰু নিৰাপত্তা বাহিনী সতৰ্ক অৱস্থাত আছে। 

নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান চলাই আছে। সেনা, আৰক্ষী আৰু চি আৰ পি এফ জোৱানৰ লগতে পেৰা কমাণ্ডো আন সন্ত্ৰাসবাদীৰ সন্ধানত নিয়োজিত হৈ আছে। লগতে জম্মু-কাশ্মীৰত নিৰাপদ যাতায়ত সুনিশ্চিত কৰিবলৈ সেনাই ৰাষ্ট্ৰীয় ঘাইপথ ৪৪ (এন এইচ-৪৪)ত নিৰাপত্তা আৰু অধিক শক্তিশালী কৰিছে। এই ঘাইপথটোৱে কেন্দ্ৰীয় শাসিত অঞ্চলৰ বহু অংশ সংযোগ কৰে। সন্ত্ৰাসবাদীয়ে ইয়াক অস্ত্ৰ-শস্ত্ৰ আৰু সামগ্ৰী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰাৰ চেষ্টা বিফল কৰাৰ বাবে সেনাই কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ইফালে সেনাবাহিনীয়ে ঘাইপথত দিনে নিশাই টহল বৃদ্ধি কৰিছে। বিশেষকৈ স্পৰ্শকাতৰ অঞ্চল আৰু গুৰুত্বপূৰ্ণ স্থানসমূহ নিৰীক্ষণ কৰা হৈছে। জম্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত বহু ঠাইত ভ্ৰাম্যমাণ বাহন চেক পোষ্ট (এমভিচিপি) স্থাপন কৰা হৈছে। 

ভাৰতীয় সেনা জম্মু-কাশ্মীৰ