/asomiyapratidin/media/media_files/2025/02/12/kAqCt17wKbmGx7EAZVWx.jpg)
বিয়াৰ দিন
ডিজিটেল ডেস্কঃ যোৱা ১১ফেব্ৰুৱাৰী, ২০২৫ত জম্মু-কাশ্মীৰৰ এল অ চিত সন্ত্ৰাসবাদীৰ আই ই ডি বিস্ফোৰণত শ্ৱহীদ হোৱা দুই সেনা জোৱানৰ এক শোকাৱহ খবৰ পোহৰলৈ আহিছে। শ্বহীদ সেনা জোৱান দুজনৰ ক্ৰমে কেপ্তেইন কৰমজিত সিঙ বস্কী আৰু নায়ক মুকেশ বুলি সদৰি কৰিছে ভাৰতীয় সেনাই।
প্ৰাপ্ত খবৰ অনুসৰি, ভাৰতীয় সেনাৰ নায়ক মুকেশ সিং জম্মুৰ ছাম্বা জিলাৰ নিৱাসী। এই বোমা বিস্ফোৰণ নিহত হোৱা নায়ক মুকেশ সিং আৰু কেপ্তেইন কৰমজিত সিঙৰ বিয়াৰ দিন আছিল একেটা দিনতে। ১৮এপ্ৰিল, ২০২৫ত আছিল দুয়োৰে বিয়াৰ দিন। দুয়োৰে ঘৰত বিবাহৰ প্ৰস্তুতি ধুমধামেৰে চলিছিল।
নায়ক মুকেশ সিঙে বিয়াৰ বাবেই নতুনকৈ নিৰ্মাণ কৰিছিল এটা ঘৰ। সেই ঘৰতে বিয়াৰ প্ৰাৰম্ভিক নীতি-নিয়মৰ কাম-কাজ হৈ আছিল। কিন্তু এতিয়া মুকেশৰ ঘৰ এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে। মুকেশ সিঙৰ পিতৃয়েও আৰক্ষীতে কৰ্মৰত এগৰাকী বিষয়া আছিল। মুকেশৰ মৃত্যুৰ খবৰ পাই মুকেশৰ মাতৃ অচেতন হৈ পৰাৰ খবৰো আহিছে।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা মঙলবাৰে ভট্টল এলেকাত প্ৰায় ৩.৫০বজাত এক প্ৰচণ্ড বিস্ফোৰণ হৈছিল। সন্দেহজনত সন্ত্ৰাসবাদীয়ে সংস্থাপিত কৰা আই ই ডি বিস্ফোৰণত নিহত হৈছিল কেইবাগৰাকীও সেনা জোৱান।