Jammu-Kashmir Election: পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ...

জম্মু-কাশ্মীৰ নিৰ্বাচনঃ পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ...

author-image
Asomiya Pratidin
New Update
Jammu-Kashmir Election:  পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ...

ডিজিটেল ডেস্কঃ আজি জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৬খন জিলাৰ ২৬টা সমষ্টিত পুৱা ৯বজাৰে চলি আছে ভোটগ্ৰহণ। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, দিনৰ ১১বজালৈ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ হাৰ হৈছে ১০.২২শতাংশ।

Advertisment

বৰ্তমানলৈ আটাইকেইটা সমষ্টিতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে ভোটগ্ৰহণ। সকলো ভোটগ্ৰহণ কেন্দ্ৰতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ এই ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ২৬টা সমষ্টিত আছে ২৫.৭৮লাখ ভোটাৰ। ২৩৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত। 

উল্লেখ কৰা প্ৰয়োজন যে, জম্মু-কাশ্মীৰত ৩টা পৰ্যায়ত অনুষ্ঠিত হব বিধানসভা নিৰ্বাচন। ইতিমধ্যে ১৮ছেপ্টেম্বৰত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ইয়াৰ পিছতে শেষৰটো ভোটগ্ৰহণ অনুষ্ঠিত হব অহা ১অক্টোবৰত। ৪০খন আসনৰ বাবে অনুষ্ঠিত হব তৃতীয় পৰ্যায় তথা অন্তিমটো ভোটগ্ৰহণ।

Also Read: তিতাবৰত লাভ জেহাদৰ বলি এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতী...