জম্মু-কাশ্মীৰৰ হিমস্খলনত ৩ জনকৈ সৈনিকৰ মৃত্যু

জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচিল চেক্টৰত (এলঅ'চি) ওচৰত হোৱা হিমস্খলনত তিনিজনকৈ সৈনিকৰ মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
জম্মু-কাশ্মীৰৰ হিমস্খলনত ৩ জনকৈ সৈনিকৰ মৃত্যু

ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচিল চেক্টৰত (এলঅ'চি) ওচৰত হোৱা হিমস্খলনত তিনিজনকৈ সৈনিকৰ মৃত্যু হয়।

Advertisment

মাচাল খণ্ডত থকা টহলদাৰী দল হিমস্খলনৰ সন্মুখীন হয়। তাৰ পাছতেই ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ হয়।

বৰফৰ মাজৰ পৰা উদ্ধাৰ কৰা জোৱান কেইজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছিলয যদিও তিনিজনে মৃত্যুৰ সাৱতি লয়। দেশৰ প্ৰতি কৰ্তব্য পালন কৰি থকাৰ সময়তে জোৱান কেইজন ছহীদ হয়।

আৰু পঢ়ক: নগাঁৱত লাচিত দিৱসৰ জন্ম জয়ন্তী উপলক্ষে বৃহৎ ৰেলী

soldier jammu kash mir