জম্মু- কাশ্মীৰত আৰক্ষী- সন্ত্ৰাসবাদীৰে ভয়ংকৰ সংঘৰ্ষ : ৪জন আৰক্ষী আৰু ৩জন সন্ত্ৰাসবাদী নিহত...

এই সংঘৰ্ষত এজন উপ আৰক্ষী অধীক্ষকে ধৰি ৫জন নিৰাপত্তাৰক্ষী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহত আটাইকেইগৰাকীকে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

author-image
Asomiya Pratidin
New Update
জম্মু- কাশ্মীৰত আৰক্ষী- সন্ত্ৰাসবাদীৰে ভয়ংকৰ সংঘৰ্ষ

ডিজিটেল ডেস্ক : জম্মু- কাশ্মীৰৰ কঠুৱা জিলাত নিৰাপত্তাৰক্ষী, আৰক্ষী আৰু সন্ত্ৰাসবাদীৰে সংঘটিত হৈছে ভয়ংকৰ সংঘৰ্ষ। বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষী-আৰক্ষী আৰু সন্ত্ৰাসবাদী গোটৰ সদস্যৰে হোৱা এই গুলীয়াগুলীত ৪জন আৰক্ষী জোৱানৰ লগতে সন্ত্ৰাসবাদী গোটৰ ৩জন সদস্য নিহত হোৱা বুলি ৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও নিহতৰ সংখ্যা সন্দৰ্ভত স্পষ্ট তথ্য জানিব পৰা হোৱা নাই।

ইয়াৰ উপৰি এই সংঘৰ্ষত এজন উপ আৰক্ষী অধীক্ষকে ধৰি ৫জন নিৰাপত্তাৰক্ষী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আহত আটাইকেইগৰাকীকে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ উপৰি ঘটনা সংঘটিত হোৱা বৃহত্তৰ এলেকাটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ অভিযান অৱ্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, এই সংঘৰ্ষত কিমান জন আৰক্ষীৰ মৃত্যু হৈছে সেই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে তথ্য ৰাজহুৱা কৰা হোৱা নাই। এক সূত্ৰই প্ৰকাশ কৰা মতে শুকুৰবাৰেহে ঘটনাৰ সবিশেষ পোহৰলৈ আহিব।

Jammu Kashmir