জামিয়া মিলিয়া ইছলামিয়া আৰ চি এৰ অৰ্ধ শতাধিকতকৈও অধিক শিক্ষাৰ্থী অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ…

জামিয়া মিলিয়া ইছলামিয়া আৰ চি এৰ অৰ্ধ শতাধিকতকৈও অধিক শিক্ষাৰ্থী অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ…

author-image
asomiyapratidin
New Update
জামিয়া মিলিয়া ইছলামিয়া আৰ চি এৰ অৰ্ধ শতাধিকতকৈও অধিক শিক্ষাৰ্থী অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ…

ডিজিটেল ডেস্কঃ জামিয়া মিলিয়া ইছলামিয়াৰ আৱাসিক প্ৰশিক্ষণ একাডেমীত অধ্যয়ন কৰি থকা ৫২ গৰাকী শিক্ষাৰ্থীয়ে অসামৰিক সেৱাৰ মুখ্য পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই তথ্য প্ৰকাস কৰিছে। জামিয়া মিলিয়া ইছলামিয়াৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কয় যে, উত্তীৰ্ণ হোৱা এই শিক্ষাৰ্থীসকলে এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া মৌখিক সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ব৷

Advertisment

শুকুৰবাৰে জাৰি কৰা এক বিবৃতিত বিশ্ববিদ্যালয়খনে কয় যে, জামিয়া মিলিয়া ইছলামিয়াৰ আৰ চি এত অধ্যয়ন কৰি থকা ৫২ জন শিক্ষাৰ্থীয়ে সফলতাৰে অসামৰিক সেৱাৰ মুখ্য পৰীক্ষা-২০২১ সফলতাৰে উত্তীৰ্ণ হৈছে। আৰ চি এৰ ভাৰপ্ৰাপ্ত অধ্যাপক আবিদ হালিমে এই বছৰৰ অসামৰিক সেৱা পৰীক্ষাত শিক্ষাৰ্থীসকলৰ এনে উৎকৃষ্ট প্ৰদৰ্শনত আনন্দ প্ৰকাশ কৰিছে।

উল্লেখ্য যে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু সংখ্যালঘুৰ দৰে শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া প্ৰশিক্ষণ আৰু আৱাসিক সুবিধা প্ৰদান কৰাৰ বাবে আৰ চি এ-য়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা বিত্তীয় সাহায্য লাভ কৰি আহিছে।

civil services mains 2022 jamia millia islamia