পুলৱামাত পশ্চিম বংগৰ শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা…

পুলৱামাত পশ্চিম বংগৰ শ্ৰমিকৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা…

author-image
asomiyapratidin
New Update
তিনি দিনত তিনিটাকৈ সন্ত্ৰাসবাদী আক্ৰমণঃ কাশ্মীৰত সন্ত্ৰাসবাদৰ কিৰিলি...

ডিজিটেল ডেস্কঃ কাশ্মীৰত অ-স্থানীয় লোকৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ। জানিব পৰা মতে সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ পুলৱামত পশ্চিম বংগৰ মনিৰুল ইচলাম নামৰ শ্ৰমিকজনৰ ওপৰত গুলীচালনা কৰে। জম্মু কাশ্মীৰ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কোৱা অনুসৰি গুলীবিদ্ধ শ্ৰমিক জনক হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়ে।

অন্যহাতে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰা অঞ্চলটো জম্মু -কাশ্মীৰ আৰক্ষীয়ে ঘেৰাও কৰাৰ লগতে ইয়াৰ তদন্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা মাহত সন্ত্ৰাসবাদীয়ে পুলৱামৰ গাদুৰা গাঁৱত গ্ৰেণেড নিক্ষেপ কৰিছিল। যাৰ ফলত বিহাৰৰ এগৰাকী শ্ৰমিক নিহত হৈছিল আৰু দুগৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হৈছিল।

আৰু পঢ়কঃ মিছ প্ৰিন্ট এছ. ডি. কিড ইউনিভাৰ্চ-২০২২ত উজলিল উৰিয়ামঘাটৰ বিদ্যাদীপ্তা বৰুৱা…

jambu kasmir india