মহানগৰ আৰক্ষীক খবৰ দিয়ক, ২ লাখ পুৰস্কাৰ লওক...

সহায় লাগে আৰক্ষীক। অসহায় হৈ পৰিছে গুৱাহাটীৰ মহানগৰ আৰক্ষী। ইটোৰ পাছত সিটো অঘটনে নিদ্ৰা হৰিছে বৃহৎ আৰক্ষী বাহিনীক। আৰক্ষতকৈ আগত দৌৰে অপৰাধী।
মহানগৰ আৰক্ষীক খবৰ দিয়ক, ২ লাখ পুৰস্কাৰ লওক...

ডিজিটেল ডেস্ক: সহায় লাগে আৰক্ষীক। অসহায় হৈ পৰিছে গুৱাহাটীৰ মহানগৰ আৰক্ষী। ইটোৰ পাছত সিটো অঘটনে নিদ্ৰা হৰিছে বৃহৎ আৰক্ষী বাহিনীক। আৰক্ষতকৈ আগত দৌৰে অপৰাধী।

মহিলাৰ ডিঙিৰ চেইন কাঢ়িবলৈও অপৰাধীয়ে লৈ আহে পিষ্টল।ভূ টোৱে নাপাই নিৰাপত্তাৰ নামত নিয়োজিত আৰক্ষীৰ বৃহৎ বাহিনী। সোমবাৰে পাঞ্জাবাৰী বাইকত অহা দুই দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল ৰঞ্জিত বৰাক।

পূৰৱী গাখীৰৰ বিতৰক ৰঞ্জিত বৰাই লগত লৈ আহিছিল প্ৰায় আঢ়ৈ লাখ টকাৰ ভৰ্তি এটা বেগ।গুলীয়াই বৰাক হত্যা কৰি অপৰাধীয়ে কাঢ়ি নিলে সেই ধন।

তৎপৰ হল আৰক্ষী। বিচাৰিলে কাষৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত থকা চিচিটিভি ফুটেজ। গুৱাহাটী আৰক্ষী আয়ুক্তই নিশ্চিয়তা দিলে অচিৰেই ধৰা হব অপৰাধীক। অপৰাধী সন্দৰ্ভত বহু ক্লু পোৱা বুলি কোৱা হ'ল।

৪৮ ঘন্টা পাৰ হৈ গ'ল। অপৰাধীৰ সন্ধান নাই। সমালোচনাত থকা সৰকা গুৱাহাটী মহানগৰ আৰক্ষী।এইবাৰ আৰক্ষী ভৰসা সাধাৰণ জনতাৰ ওপৰত। কাৰোবাৰ ওচৰত যদি কিবা তথ্য আছে আৰক্ষীক জনাবলৈ আহ্বান জনালে।

ইয়াৰ বাবে মহানগৰ আৰক্ষীয়ে এটা হোৱাটছ এপ নম্বৰ ৰাইজৰ উদ্দেশ্যে দিছে। সেই নম্বৰটোতেই দিব পাৰিব অপৰাধীৰ খবৰ। আৰক্ষীয়ে দিয়া নম্বৰটো- ৬০২৬৯০১২৪৭। প্ৰতিশ্ৰুতি দিছে আৰক্ষীয়ে গোপনে ৰাখিব পৰিচয়। লগতে সেই খবৰ দিওঁতা জনক আৰক্ষীৰ তৰফৰ পৰা দিয়া হ'ব ২ লাখ টকাৰ পুৰস্কাৰ।

আৰু পঢ়ক: এইবাৰ খানাপাৰাত অসম-মেঘালয় গাড়ী চালকৰ মাজত সংঘাতৰ সম্ভাৱণা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in