শুভাৰম্ভণিৰ পূৰ্বেই বাগৰি পৰিল পানী যোগান কেন্দ্ৰৰ দেৱাল...

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী তথা পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীৰ কৈলাসপুৰত নিৰ্মাণ কৰা জল জীৱন মিছনৰ পানী যোগান কেন্দ্ৰটোৰ আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পূৰ্বেই বাগৰি পৰিল চৌহদৰ এখন দেৱাল।

author-image
Asomiya Pratidin
New Update
ংনমংমনমংনমং

ডিজিটেল সংবাদ,চানডুবি:  অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা পৰিচালিত এখন ব্যয়–বহুল আঁচনি হ’ল জলজীৱন মিছন চমুকৈ জে জে এম। কিন্তু আঁচনিখনৰ সফল ৰূপায়ন হোৱা নাই বুলি ৰাজ্যখনৰ চৌদিশত প্ৰায়ে অভিযোগ উত্থাপন হৈ হোৱা দেখা যায়। তাৰেই এটি সৰু উদাহৰণ হ’ল ২০২৩ বিত্তীয় বৰ্ষৰ অনুদানেৰে নিৰ্মাণ কৰা ৰাণীৰ কৈলাসপুৰ পানী যোগান কেন্দ্ৰটো।

Advertisment

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী তথা পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীৰ কৈলাসপুৰত নিৰ্মাণ কৰা জলজীৱন মিছনৰ পানী যোগান কেন্দ্ৰটোৰ আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পূৰ্বেই বাগৰি পৰিল চৌহদৰ এখন দেৱাল। উল্লেখনীয় যে, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ২০২৩ বৰ্ষৰ ২৭ আগষ্টত কৈলাসপুৰ পানী যোগান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল।

ৰাণীৰ ফ’ৰেষ্ট চ’কৰ পৰা নাতি দূৰৈৰ ৰাণী-মাইৰাং আন্তঃৰাজ্যিক সংযোগী পথৰ দাঁতিত নিৰ্মাণ কৰা এই পানী যোগান কেন্দ্ৰটোৰ স্থান পূৰ্বতে অতি দ' আছিল। সেই দ' ঠাইখিনিত পদ্ধতিগতভাৱে মাটি পেলাই ওখ কৰিব লাগিছিল। কিন্তু উক্ত ঠাইখিনিত যি ধৰণে মাটি পেলাই ওখ কৰিব লাগিছিল সেই ধৰণে কৰা নাছিল বুলি স্থানীয় একাংশ সচেতন লোকে অভিযোগ কৰে।

ইপিনে মাটিৰ তলিখন সম্পূৰ্ণৰূপে বহি যাবলৈ নাপাওতেই দেৱাল নিৰ্মাণৰ কাৰ্যও সম্পূৰ্ণ হৈ উঠিছিল। আসোৱাহপূৰ্ণভাৱে নিৰ্মাণ কৰি যোৱাৰ ফলত চৌহদৰ দেৱাল খন বাগৰি পৰিল। উল্লেখ্য যে আসোৱাহপূৰ্ণ নিৰ্মাণৰ ফলতেই কৈলাসপুৰ পানী যোগান কেন্দ্ৰটোৰ দেৱালখন বাগৰি পৰিছ বুলি দাবী কৰিছে ৰাইজে।

তদুপৰি নিৰ্মাণ কাৰ্যত অতি নিম্নমানৰ শিল, বালি, চিমেণ্ট, ৰ’ড আদি সামগ্ৰী লগতে দেৱাল সমূহত ৰ’ডৰ সলনি কয়ল ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপিত হৈছে। অঞ্চলটোৰ কেইগৰাকীও সচেতন লোক নিৰ্মাণ কাৰ্যত ব্যৱহৃত শিল, বালি, চিমেণ্টৰ মিশ্ৰণৰ অনুপাত পৰীক্ষাৰ বাবে বাগৰিপৰা দেৱালখনৰ চিমেণ্টৰ টুকুৰা সংগ্ৰহ কৰে।

পৰীক্ষাগাৰত প্ৰেৰণ কৰা নমুনা সমূহৰ প্ৰতিবেদন আহি পোৱাৰ পিছত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ পৰাও নিৰ্মাণ সম্পৰ্কীয় নথি-পত্ৰ সংগ্ৰহ কৰিব। যদি চৰকাৰী নীতি মতে নিৰ্মাণ কাৰ্য চলোৱা নাই, তেনেহ’লে ঠিকাদাৰ আৰু এই নিৰ্মাণ কাৰ্যত তত্বাৱধায়ক ৰূপে জড়িত অভিযন্তাগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উক্ত লোক কেইজনে ব্যক্ত কৰে।

ইপিনে আসোৱাহপূৰ্ণভাৱে কৰা নিৰ্মাণ কাৰ্যৰ লগত জড়িত ঠিকাদাৰ, অভিযন্তাগৰাকীক বিভাগীয় তদন্তৰ আওতালৈ আনিব লাগে বুলিও দাবী কৰে। কিয়নো ৰাজহুৱা সম্পদ এটা এইধৰণে নিৰ্মাণ কৰি থৈ যোৱাৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন ৰাইজেই হ’ব লাগিব।

জল জীৱন আঁচনি জল জীৱন মিচন