Advertisment

ৰঙাপৰাত ভেঁকোভাওনাত পৰিণত জল জীৱন মিছন আঁচনি…

`হৰ ঘৰ নল, হৰ ঘৰ জল' শীর্ষক শ্লোগানেৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশত আৰম্ভ কৰা এখন জল জীৱন মিছন আঁচনি ধোঁৱা চাঙত উঠাৰ অভিযোগ উঠিছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  `হৰ ঘৰ নল, হৰ ঘৰ জল' শীর্ষক শ্লোগানেৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশত আৰম্ভ কৰা এখন জল জীৱন মিছন আঁচনি ধোঁৱা চাঙত উঠাৰ অভিযোগ উঠিছে। ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি কোটি টকা ব্যয় কৰি জল জীৱন আঁচনিখন ৰূপায়ণ কৰিছে যদিও কার্যত একাংশ জল জীৱন মিছন আঁচনিৰ পৰা ৰাইজে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Advertisment

সম্প্ৰতি ৰঙাপৰাত এই আঁচনি ভেকোভাওনাত হে পৰিনত হৈছে৷ ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ কদমতলী লাইনত থকা পানী যোগান আঁচনিখন বিগত চাৰি মাহ ধৰি বিকল অৱস্থাত পৰি আছে। যাৰ ফলত কদমতলী লাইনত বসবাস কৰা প্ৰায় সহস্রাধিক ৰাইজ বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। 

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি প্ৰায় দুবছৰ পূর্বে আঁচনিখনৰ কাম ঠিকাদাৰে আৰম্ভ কৰিছিল যদিও বৰ্তমান সময়ত ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ সক্ষম নোহোৱাত প্ৰকল্পটো হাবি-জংঘলৰে আৱৰি ধৰাৰ উপক্ৰম ঘটিছে৷ সম্প্ৰতি ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ কদমতলীবাসীয়ে এটুপি খোৱা পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ ১ নং সংমণ্ডলৰ কাৰ্যালয়ৰ অধীনত ৰঙাপৰাৰ কদমতলী গাঁৱত নিৰ্মাণ হোৱা জল জীৱন মিছনৰ পানী যোগান আঁচনিখন পৰিত্যক্ত অৱস্থাতে আছে। 

পানী যোগান আঁচনিখন চোৱা-চিতাৰ দায়িত্বত থকা স্থানীয় যুৱক ৰাজু গোৱালাই কয় যে বিগত চাৰিমাহ ধৰি এই পানী যোগান আঁচনিখন বিকল অৱস্থাত আছে আৰু বিষয়টো তেজপুৰস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উর্ধ্বতন কর্তৃপক্ষক অৱগত কৰা হৈছিল। কিন্তু আঁচনিখন কার্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষই কাণসাৰ নিদিলে বুলি মন্তব্য কৰে। 

প্ৰায় কোটি টকীয়া চৰকাৰী অভিলাষী আঁচনিখন মেৰামতিৰ ব্যৱস্থা কৰি ৰাইজৰ সমস্যাটি সমাধান কৰিবলৈ বিভাগীয় কর্তৃপক্ষই আজিলৈকে সময় নোপোৱাটো অতি দূর্ভাগ্যজনক। স্থানীয় ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগটোক কদমতলী গাঁওখনত থকা অভিলাষী পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰি ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ দাবী জনাইছে।

জামুগুৰিহাট জল জীৱন আঁচনি