ডিজিটেল ডেস্কঃ ভাৰতীয় ষ্টেট বেংকৰ শেহতীয়া প্ৰতিবেদনে ভাৰতৰ গ্ৰাম্য অঞ্চলত বিশেষকৈ মহিলাৰ আৰ্থ-সামাজিক সবলীকৰণৰ ওপৰত জল জীৱন অভিযানৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ কথা উন্মোচন কৰিছে।
অধ্যয়নটোত দেখা গৈছে যে সমগ্ৰ দেশতে বাহিৰৰ চৌহদৰ পৰা পানী অনা পৰিয়ালসমূহে সামগ্ৰিকভাৱে ৮.৩ শতাংশ হ্ৰাস পোৱাৰ ফলত কৃষি আৰু সংশ্লিষ্ট কাৰ্যকলাপত মহিলাৰ অংশগ্ৰহণ ৭.৪ শতাংশ পইণ্ট বৃদ্ধি পাইছে।
বিহাৰ আৰু অসমৰ দৰে ৰাজ্যৰ এইক্ষেত্ৰত প্ৰদৰ্শন অতি উচ্চমানৰ। মহিলা কৰ্মশক্তিৰ অংশগ্ৰহণ ২৮ শতাংশকৈ অধিক বৃদ্ধি পাইছে।
ভাৰত চৰকাৰে ২০১৯ চনৰ ১৫ আগষ্টত আৰম্ভ কৰা জল জীৱন মিছনৰ লক্ষ্য হৈছে প্ৰতিটো গ্ৰাম্য ঘৰলৈ কাৰ্যক্ষম নলৰ পানীৰ সংযোগ প্ৰদান কৰা। ইয়াক আৰম্ভ কৰাৰ সময়ত মাত্ৰ ৩.২৩ কোটি (১৭%) গ্ৰাম্য পৰিয়ালতহে টেপৰ পানীৰ সংযোগ আছিল। কিন্তু ২০২৪ চনৰ ১০ অক্টোবৰৰ ভিতৰত এই পদক্ষেপে সফলতাৰে ১১.৯৬ কোটি নতুন সংযোগ সংযোজন কৰি ১৫.২০ কোটি পৰিয়াল বা ভাৰতৰ গ্ৰাম্য অঞ্চলৰ ৭৮.৬২% মুঠ কভাৰেজ লাভ কৰিছে।
অধ্যয়নটোৱে লগতে প্ৰকাশ কৰিছে যে কেনেকৈ বিভিন্ন দৰিদ্ৰ ৰাজ্যই এই মিছনৰ দ্বাৰা লাভৱান হৈছে । উত্তৰ প্ৰদেশত টেপৰ পানীৰ সংযোগ থকা পৰিয়ালৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলত কৃষি-কাৰ্যত মহিলাৰ অংশগ্ৰহণো ১৭.৩ শতাংশ বৃদ্ধি পাইছে।
একেদৰে উৰিষ্যাত বাহিৰৰ পৰা পানী অনা পৰিয়ালৰ সংখ্যাও ৭.৮ শতাংশ হ্ৰাস পাইছে । যিটোৱে মহিলাৰ কৰ্মশক্তিৰ অংশগ্ৰহণ ১৪.৮ শতাংশ বৃদ্ধি কৰিছে ।
অবিজেপি শাসিত ৰাজ্য পশ্চিম বংগত মহিলা কৰ্মশক্তিৰ অংশগ্ৰহণ ১৫.২ শতাংশ বৃদ্ধি পাইছে, যিয়ে পানীৰ উন্নত সুবিধাই মহিলাৰ শাৰীৰিক আৰু সময়ৰ বোজা কেনেদৰে লাঘৱ কৰিছে সেই কথা প্ৰতিফলিত কৰিছে।
হিমাচল প্ৰদেশ আৰু তেলেংগানাৰ দৰে ৰাজ্যতো উল্লেখযোগ্য পৰিৱৰ্তন দেখা গৈছে। হিমাচল প্ৰদেশত বাহিৰৰ পৰা পানী অনা পৰিয়ালসমূহৰ হাৰ ১৯.৪ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে তেলেংগানাত ৩০.৩ শতাংশ পইণ্ট হ্ৰাস পোৱাৰ সাক্ষী হৈ পৰিছে। যিয়ে প্ৰত্যাহ্বানমূলক ভূখণ্ডতো এই অভিযানৰ ফলপ্ৰসূতা প্ৰদৰ্শন কৰিছে।