Advertisment

মাদক দ্ৰব্য বন্ধৰ দাবীত জাজৰিত প্ৰতিবাদ

বটদ্ৰৱাৰ জাজৰি ঢলপুৰীয়বাসী ৰাইজ আজি সমবেত হয় মাদক দ্ৰব্যৰ বিৰূদ্ধে। আজি কিছুদিনৰ পৰা নিচাসক্ত এচাম যুবকে সুৰা সেৱন কৰি অঞ্চলটোত নেতিবাচক প্ৰভাৱ পেলাই সামাজিক পৰিবেশ অসহনীয় কৰি তুলিছে।

author-image
Asomiya Pratidin
New Update
vfvnn

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ   সামাজিক পৰিবেশ সুষ্ঠ ৰখাৰ স্বাৰ্থত, ক্ৰমাগতে ভাবে নবপ্ৰজন্মৰ মাজত নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বৃদ্ধি হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি বটদ্ৰৱাৰ জাজৰি ঢলপুৰীয়বাসী ৰাইজ আজি সমবেত হয় বৰবিহ সুৰাৰ বিৰূদ্ধে। আজি কিছুদিনৰ পৰা নিচাসক্ত এচাম যুবকে সুৰা সেৱন কৰি অঞ্চলটোত নেতিবাচক প্ৰভাৱ পেলাই সামাজিক পৰিবেশ অসহনীয় কৰি তুলিছে।

Advertisment

সমাজৰ ভাল-বেয়া দিশৰ প্ৰতি দৃষ্টি ৰাখি ভাল সকলক উৎসাহ আৰু বেয়াসকলক শাসন কৰাৰ প্ৰয়োজবোধ কৰি যাতে নবপ্ৰজন্মই এটা সঠিক পথত গতি কৰি সমাজলৈ ইতিবাচক ৰেঙনী বিয়পাব পাৰে। সেই মৰ্মে অঞ্চলৰ বয়োজেষ্ঠ পুৰুষ, মহিলা সমবেত হৈ "মাদক দ্ৰব্য বন্ধ হওঁক, জাজৰি অঞ্চল সুৰা মুক্ত হওঁক" শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

পাছত ৰাইজে মাদক দ্ৰব্য বন্ধ কৰাৰ বাবে জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত আবেদন পত্ৰ অৰ্পণ কৰে। উল্লেখ্য যে, জাজৰি ঢলপুৰীয়া বাসী ৰাইজে যোৱা মাঘৰ বিহুৰ দিনা মেঁজী জ্বলোৱাৰ সময়তে ৰাজহুৱা ভাবে সংকল্প লৈছিল," নবপ্ৰজন্মৰ বাবে সুষ্ঠ পৰিবেশ আৰু ভাৰাক্ৰান্ত হৈ থকা একাংশ অভিভাবকৰ মানসিক সুৰক্ষাৰ বাবে নিচাসক্ত সকলক নিয়ন্ত্ৰণ কৰা হওঁক আৰু আৰক্ষীৰ সহায়ত এই ইতিবাচক চিন্তাটো ফলপ্ৰসূ কৰা হওঁক।

সেই উদ্দেশ্য আগত ৰাখি আজি এই আবেদনৰ জৰিয়তে দাবী জনাইছে, যাতে অঞ্চলটোত চলি থকা নিচাসক্ত সকলক আইনৰ জৰিয়তে নিয়ন্ত্ৰণ কৰি এটা সুষ্ঠ পৰিবেশ গঢ়ি দিয়ক। প্ৰয়োজন হ'লে ৰাজহুৱা স্থান তথা বাটে-ঘাটে মাদক দ্ৰব্য সেৱন কৰি বিশৃংখল পৰিবেশ সৃষ্টি কৰি থকা সকলক উচিত ব্যৱস্থাৰে নিয়ন্ত্ৰণ কৰিবলৈ সমূহ ঢলপুৰীয়া গাঁৱৰ ৰাইজৰ হৈ আহ্বান জনায়।

আজি প্ৰতিবাদী কাৰ্য্যসূচীত ঢলপুৰীয় গাঁৱৰ নামঘৰ প্ৰাঙ্গনত খেল সমাজৰ সভাপতি পদ্ম কাকতি, সম্পাদক দুলাল বৰা জ্যেষ্ঠ নাগৰিক জীৱন ৰাম বৰা, নাম লগোৱা স্বপন বৰা, ৰাণা কাকতিকে প্ৰমুখ্যে কৰি বহুকেইগৰাকী জ্যেষ্ঠ নেতাই নিচাযুক্ত দ্ৰব্যৰ দ্ৰাৰা আক্ৰান্ত প্ৰজন্মৰ প্ৰতি এনে দব্য বাৰণ কৰিবলৈ আহ্বান জনায়।

মাদক দ্ৰব্য