তিনিদিনীয়া ভ্ৰমণসূচীৰে চীনলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

এছচিঅ’ৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পৰিষদৰ বৈঠকত অংশ ল’বলৈ চীনৰ তিয়ানজিন চহৰলৈ যাত্ৰা কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ।

author-image
Asomiya Pratidin
New Update
CXCXCX

ডিজিটেল ডেস্কঃ এছচিঅ’ৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পৰিষদৰ বৈঠকত অংশ ল’বলৈ চীনৰ তিয়ানজিন চহৰলৈ যাত্ৰা কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে। ১৫ জুলাইত এই বৈঠক অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে চীনৰ বৈদেশিক মন্ত্ৰালয়ে।

Advertisment

চীনৰ চৰকাৰী মুখপাত্ৰ গৰাকীয়ে শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিত সদৰি কৰে যে, জয়শংকৰে চীন ভ্ৰমণৰ সময়ত বৈদেশিক মন্ত্ৰী পৰিষদৰ উচ্চ-স্তৰৰ আলোচনাত অংশগ্ৰহণ কৰিব। তেওঁ চীনৰ কমিউনিষ্ট পাৰ্টিৰ ৰাজনৈতিক ব্যুৰোৰ সদস্য তথা বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ আমন্ত্ৰণত এই বৈঠকত যোগদান কৰিবলৈ আহিছে বুলি তেওঁ সদৰি কৰে।

এই বৈঠকত এছচিঅ’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ লগতে সংগঠনৰ স্থায়ী সংস্থাৰ উচ্চপদস্থ কৰ্তৃপক্ষসকলেও অংশ গ্ৰহণ কৰিব। বৈঠকখনত সদস্য দেশসমূহৰ মাজত ব্যৱসায়িক, সাংস্কৃতিক, প্ৰযুক্তি আৰু সুৰক্ষা সহযোগিতাক কেন্দ্ৰ কৰি বিস্তৃত আলোচনা হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

এছচিঅ’ৰ অন্তৰ্গত ১০খন সদস্য ৰাষ্ট্ৰ হৈছে: ভাৰত, চীন, ৰাছিয়া, ইৰান, পাকিস্তান, কাজাখাস্তান, কিৰ্গিস্তান, তাজিকিস্তান, উজবেকিস্তান আৰু বেলাৰুছ। এই সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰীয় নিৰাপত্তা, অৰ্থনীতি, পৰিবহণ, পৰ্যটন, শক্তি আদি ক্ষেত্ৰত আন্তঃ সহযোগিতা গঢ়ি তোলে।

উল্লেখযোগ্য যে, ২০২০ চনত পূব লাডাখত চীন আৰু ভাৰতৰ মাজত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC) সংলগ্ন অঞ্চলত সৃষ্টি হোৱা সামৰিক উত্তেজনাৰ পিছত দুয়োখন দেশৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। গালৱান উপত্যকাত হোৱা হিংসাত্মক সংঘৰ্ষৰ ফলত বহু সৈনিকৰ মৃত্যুও হৈছিল। এই পটভূমিত জয়শংকৰৰ এই চীন ভ্ৰমণ বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।

ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক কৰাৰ প্ৰচেষ্টাৰ অংশস্বৰূপে, ইয়াৰ পূৰ্বে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও চীন ভ্ৰমণ কৰিছিল। যোৱা মাহত কিংডাওত অনুষ্ঠিত এছচিঅ’ৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশ লৈছিল ৰাজনাথ সিঙে। তাতে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ডং জুনৰ সৈতে আলোচনা কৰি, সীমান্তত উত্তেজনা হ্ৰাস আৰু এক গাঁথনিগত “ৰোডমেপ”ৰ অধীনত সমস্যা সমাধানৰ প্ৰস্তাৱ দিছিল। সম্প্ৰতি এই ভ্ৰমণ আৰু বৈঠকসমূহে ভাৰত-চীন সম্পৰ্কৰ স্বাভাৱিককৰণৰ প্ৰচেষ্টাত এক নতুন গতি আনিব বুলি আশা প্ৰকাশ কৰিছে কূটনৈতিক মহলে।

এছ জয়শংকৰ