/asomiyapratidin/media/media_files/2025/07/11/fdgfdgfd-2025-07-11-21-22-56.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱতে ৭৫ বছৰ সম্পূৰ্ণ হ’লেই নেতৃত্বৰ পৰা আঁতৰিব লাগে বুলি কৰা মন্তব্যৰ পাছত দেশৰ ৰাজনৈতিক ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে এই মন্তব্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাগৱত দুয়োকে লক্ষ্য কৰি কটাক্ষ কৰিছে।
জয়ৰাম ৰমেশে সামাজিক মাধ্যম এক্সত উল্লেখ কৰে যে, “বঁটা বিজয়ী প্ৰধানমন্ত্ৰী ঘৰলৈ উভতি অহাৰ সময়তে আৰএছএছ প্ৰধানে তেওঁক মনত পেলাই দিলে যে, অহা ১৭ ছেপ্তেম্বৰত তেওঁ ৭৫ বছৰ বয়সত ভৰি দিব। অৱশ্যে মোদীয়েও উলোটাকৈ মনত পেলাই দিব পাৰে যে, মোহন ভাগৱত নিজেও ১১ ছেপ্তেম্বৰত ৭৫ বছৰত ভৰি দিব!” জয়ৰাম ৰমেশে এই বাক্যবাণক এপাত কাঁড়ত দুটা চিকাৰ বুলি উল্লেখ কৰিছে।
উল্লেখযোগ্য যে, বুধবাৰে এখন গ্ৰন্থ প্ৰকাশ অনুষ্ঠানত মোহন ভাগৱতে উল্লেখ কৰিছিল যে, “৭৫ বছৰ হোৱাটোৱে এই কথা বুজায় যে, এতিয়া আঁতৰি থকাৰ সময় হৈছে। এতিয়া আনক আগবাঢ়ি অহাৰ সুযোগ দিব লাগে।”
এই মন্তব্য পাছতে ৰাজনৈতিক মহলত নানা জল্পনা-কল্পনা আৰম্ভ হৈছে। বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক ভবিষ্যতক লৈ এই মন্তব্যয়ে নতুন চৰ্চা লাভ কৰিছে। কিয়নো পূৰ্বে মোদীয়ে এল কে আদৱানী, মুৰলী মনোহৰ যোশী, জশৱন্ত সিং আদিসকলক বয়সৰ সীমা পাৰ হোৱাৰ পাছত নেতৃত্বৰ পৰা আঁতৰাই দিছিল।