ডিজিটেল ডেস্কঃ দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতীক 'লেডী অফ জাষ্টিছ' তথা ন্যায় দেৱীৰ প্ৰতিমূৰ্তিৰ ঐতিহাসিক সলনিক লৈ বিগত দিনকেইটাত ব্যাপক চৰ্চা হৈছিল। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ এই ঐতিহাসিক তথা সাহসী সিদ্ধান্তক প্ৰায় সকলোৱে আদৰণি জনাইছিল। পুৰণি ন্যায়দেৱীৰ প্ৰতিমূৰ্তিৰ চকুত কাপোৰ বান্ধি থোৱাৰ পৰিৱৰ্তে নতুন ন্যায়দেৱীৰ প্ৰতিমূৰ্তিৰ সেই কাপোৰ আতঁৰাই মুকলি কৰি দিয়া হৈছিল। ইয়াৰোপৰি ন্যায়দেৱীৰ হাতত তৰোৱালৰ বিপৰীতে সংবিধান ৰখাৰ ব্যৱস্থা কৰিছিল মুখ্য ন্যায়াধীশগৰাকীয়ে।
এই ঐতিহাসিক সিদ্ধান্ত তথা সালসলনিক লৈ বিশ্বজুৰি চৰ্চা অব্যাহত থকাৰ মাজতে আন এক নতুন তথ্য পোহৰলৈ আহিছে। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে গ্ৰহণ কৰা এই ঐতিহাসিক সিদ্ধান্তৰ বহুবছৰৰ পূৰ্বেই ন্যায়দেৱীৰ প্ৰতিমূৰ্তিৰ ব্যাপক সালসলনি কৰা হৈছিল। আজিৰ পৰা প্ৰায় ৪১বছৰৰ পূৰ্বেই লেডী অৱ জাষ্টিছৰ প্ৰতিমূৰ্তিত তৰোৱালৰ পৰিৱৰ্তে হাতত সংবিধান লৈ থকাৰ ব্যৱস্থা কৰিছিল এখন আদালতত।
১৯৮৩চনৰ ২৬এপ্ৰিলত জয়পুৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত এই ঐতিহাসিক পৰিৱৰ্তন কৰা হৈছিল। লেডী জাষ্টিছৰ প্ৰতিমূৰ্তিৰ পৰা তৰোৱাল আঁতৰাই হাতত দিয়া হৈছিল সংবিধান। ন্য়য়াধীশ পদম কুমাৰ জৈনে এই কাম কৰিছিল। অৱশ্যে তেওঁ ন্যায়দেৱীৰ চকুত মাৰি থোৱা কাপোৰখন খুলি দিয়া নাছিল। কেৱল মাত্ৰ ন্যায়দেৱীয়ে হাতত লৈ থকা তৰোৱালখনৰ সলনি হাতত ৰাখিছিল দেশৰ সংবিধানখন।
কিন্তু কথা হ'ল যে, সেই সময়ত ন্যায়াধীশ পদম কুমাৰ জৈনৰ এই পদক্ষেপক লৈ বহুজনে তীব্ৰ সমালোচনা কৰিছিল। ইয়াৰ বিৰুদ্ধে অৱশ্যে যুক্তিও দাঙি ধৰিছিল ন্য়ায়াধীশগৰাকীয়ে। সেই সময়ত এই সাহসী পদক্ষেপক লৈ বৰ বেছি চৰ্চা নহ'ল যদিও প্ৰায় ৪১বছৰৰ মূৰত এই ঘটনা পুনৰ পোহৰলৈ আহিছে। শেহতীয়াকৈ এই সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে ন্য়ায়াধীশ পদম কুমাৰে। তেওঁ কয় যে, উচ্চতম ন্য়ায়ালয়ে গ্ৰহণ কৰা এই পদক্ষেপ, এক সাহসী আৰু ঐতিহাসিক পদক্ষেপ। ইয়াক মই আদৰণি জনাইছো।