/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/f09stkia/AP-FOR-WEB-election-.jpg)
ডিজিটেল ডেস্কঃ ৫সমষ্টিৰ উপ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন। আজি মনোনয়ন দাখিল কৰিব বঙাইগাঁৱৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে। ইয়াৰোপৰি সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়েও আজি দাখিল কৰিব মনোনয়ন।
ইফালে চামগুৰিত বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাইও আজি দাখিল কৰিব মনোনয়ন। বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা আৰু বিহালীৰ অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থীগৰাকীয়েও আজি মনোনয়ন দাখিল কৰিব। উল্লেখ কৰা প্ৰয়োজন যে, অসম সন্মিলিত মৰ্চাই বিহালীত টিকট প্ৰদান কৰিছে লক্ষ্মীকান্ত কূৰ্মীক।
দিনৰ এক বজাত মোনোনয়ন পত্ৰ দাখিল কৰিব অসম সন্মিলত মঞ্চৰ সমৰ্থিত চিপিআই(এম এল)ৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে। উপস্থিত থাকিব অখিল গগৈ,অজিত ভূঞা,লুৰিণজ্যোতি গগৈ সহ অসম সন্মিলত মঞ্চৰ বহু নেতা কৰ্মী।
ইফালে একে সময়তে মনোনয়ন দাখিল কৰিব আম আদমী পাৰ্টীৰ বিহালী বিধান সভা সমষ্টিৰ প্ৰাৰ্থী অনন্ত গগৈয়ে।আম আদমী পাৰ্টীৰ ৰাজ্যিক সম্পাদক সহ বহু নেতা কৰ্মীয়ে সংগ দিব প্ৰাৰ্থী গৰাকীক। চামগুৰিতো আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীয়ে আজি মনোনয়ন দাখিল কৰিব।