/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f6104e45-ad64-4829-b728-8a0f15b61828/d684e1c0-74ad-4d1b-985d-c91f44907ebf.jpg)
ডিজিটেল ডেস্কঃ অতিপাত জন্তু প্ৰেমেও কেতিয়াবা কাৰোবাৰ বাবে বিপদ হৈ ধৰা দিয়ে। এগৰাকী মহিলাৰ ক্ষেত্ৰত এনেকুৱাই হ’ল। নিজৰ পোহনীয়া কুকুৰটোক জোখতকৈ অধিক খানা খোৱাই দুমাহত জেলত থাকিবলগীয়া হল এগৰাকী মহিলা। কেৱল জেলেই নহয়,ভৰিব লগা হ’ল জৰিমণাও।
দৰাচলতে এই মহিলাগৰাকীয়ে নিজৰ পোহনীয়া কুকুৰটোক অতিপাত মৰম কৰিছিল। যাৰ বাবে প্ৰতিদিনাই বিভিন্ন ধৰণৰ খানা খোৱাইছিল। এইবোৰৰ উপৰিও কুকুৰটোক প্ৰতিদিনাই ৮-৯টুকুৰা মাংস খোৱাইছিল মহিলাগৰাকীয়ে। যাৰ ফলত কুকুৰটোৰ অতিপাত ওজন বৃদ্ধি পাইছিল।
কুকুৰটোৰ ওজন বৃদ্ধি পাই হৈছিলগৈ ৫৩.৭ কিলোগ্ৰাম। শৰীৰত অত্যাধিক চৰ্বিৰ বাবে কুকুৰটোৰ অৱশেষত মৃত্যু হৈছিল। কুকুৰটোৰ মৃত্যু হোৱাৰ পাছতে আইনৰ ৰোষত পৰিল মহিলগৰাকী। ‘ফৰ দ্য প্ৰিভেনশ্যন অফ একুইলিটী টু এনিমেলছ’ চমুকৈ (SPCA)ৰ অধীনত মহিলাগৰাকীক দোষী সাব্যস্ত কৰি ২মাহৰ জেলৰ লগতে জৰিমণা বিহে প্ৰশাসনে।
এই ঘটনাতো পিছে সংঘটিত হৈছে নিউজিলেণ্ডত। শেহতীয়াকৈ মহিলাগৰাকী জেলৰ পৰা মুকলি হৈছে যদিও এই ঘটনাটোৱে এতিয়া সমগ্ৰ বিশ্বতে সংবাদ শিৰোনাম দখল কৰিছে।
Also Read: কেৰালাত প্ৰকৃতিৰ কালৰূপ! ভূমিস্খলনত ২৪গৰাকীকৈ লোকৰ মৃত্যু...