/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/8567e3e5-c8f2-49b7-aefe-d968a0daeb29/96eca6e9-6db8-4c7f-ad51-a25271594b02.jpg)
ডিজিটেল ডেস্কঃ অসমৰ উদ্য়োগ খণ্ডৰ বাবে আজি এটা বিশেষ দিন। আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠিত হ'ব।মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্রশেখবনব উপস্থিতত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অর্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰা হ'ব।
অসমক বিশ্বৰ অৰ্থ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্রতিষ্ঠিত কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল'ব বুলি আশা কৰা হৈছে। এই উদ্যোগটোৱে বাজ্যত অত্যাধুনিক প্রযুক্তিৰ বিকাশ ঘটোৱাৰ লগতে নিয়োগৰ অফুৰন্ত সুযোগ সৃষ্টি কৰি অর্থনৈতিক উন্নয়ন ক্ষীপ্ৰ কৰি তুলিব।
এই প্রকল্পত মুঠ ২৭ হাজাৰ কোটি টকাৰ ব্যয় নির্ধাৰণ কৰা হৈছে। প্রকল্পটো সম্পূর্ণ হলে ২৭ হাজাৰ কৰ্মসংস্থান সৃষ্টি হ'ব। ৪৮ মিলিয়ন চিপ উৎপাদনৰ সামর্থ থকা এই প্রকল্প ৰাজ্যত প্রযুক্তিগত প্রগতিৰ দিশত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, ১৮ মাহৰ ভিতৰত এই প্রকল্পটোৰ নির্মাণ সম্পূর্ণ হোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us