/asomiyapratidin/media/media_files/2025/03/22/tc5tytMYKFG78ezbfUja.jpg)
ডিজিটেল সংবাদ,মায়ং : জাগীৰোড মহবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত বিশ্ব জল দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত আলোচনা চক্ৰত কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ড° মালা দত্তই মুখ্য সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে বিভাগৰ সহকাৰী অধ্যাপক চান্তো দাসে অতিথিৰ লগতে সকলোকে আদৰণী জনায়। অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে আদৰণি ভাষণ প্ৰদান কৰি বিশ্ব জল দিৱস পালনৰ উদ্দেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰে।
তেখেতে কয় যে পৃথিবীৰ প্ৰায় 70 শতাংশ পানী থকা স্বত্বেও কিয় এই দিৱস প্ৰয়োজনীয়তা আহি পৰিছে । আমাক চৌদিশে পানীৰে আৱৰি ৰাখিছে যদিও বিশুদ্ধ খোৱা পানীৰ অভাৱৰ বাবে সমগ্ৰ বিশ্বতে যে সাংঘাটিক ধৰণৰ সংকট ক্ৰমান্বয়ে নামি আহিবলৈ ধৰিছে সেই বিষয়ে বিতং বিৱৰণ দাঙি ধৰে।
মুখ্য সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি দৃশ্য আৰু শ্ৰব্য মাধ্যমৰ জৰিয়তে ড° মালা দত্তই আকৰ্ষণীয় বক্তৃতা প্ৰদান কৰি সকলোকে বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰিবলৈ সক্ষম হয়। এই বছৰৰ মুখ্য বিষয় হিমবাহ সংৰক্ষণ বিষয়ৰ ওপৰত আলোচনা আগবঢ়াই অতি সংবেদনশীল ভিডিও ৰ জৰিয়তে বিশ্ব যে আগন্তুক দিনত সংকটৰ অভিমুখে ক্ৰমান্বয়ে গতি কৰিবলৈ ধৰিছে সেই বিষয়ে উপস্থিত সকলোকে বুজাবলৈ সফল প্ৰয়াস কৰে।
আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° চিত্ত ৰঞ্জন চৰকাৰে উপস্থিত সকলোকে জল দিৱস পালনৰ গুৰুত্বৰ বিষয়ে অৱগত কৰি ছাত্ৰ ছাত্ৰী সকলক পানীৰ ব্যৱহাৰ কৰাৰ সময়ত সচেতনতাৰ প্ৰয়োজনীয়তা আছে বুলি ঊল্লেখ কৰে। অনুষ্ঠানৰ অন্তত অতিথি ড° দত্তই ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন প্ৰশ্নৰ যথাযথ উত্তৰ দিয়ে। বিভাগৰ সহকাৰী অধ্যাপক জ্ঞানশ্ৰী শইকীয়াই সকলোৰে শলাগ লৈ আলোচনা চক্ৰৰ সমাপ্তি ঘোষণা কৰে।