/asomiyapratidin/media/media_files/2025/07/22/vp-22-2025-07-22-08-57-17.jpg)
ডিজিটেল ডেস্কঃ ২১ জুলাই, সোমবাৰে ৰাষ্ট্ৰপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি নিজৰ পদৰ পৰা পদত্যাগ কৰিলে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিবেশন উপলক্ষে দিনটোৰ ৰাজ্যসভাত তেওঁ অধ্যক্ষতা কৰি সন্ধিয়া এই সিদ্ধান্ত গ্ৰহণ কৰে।
নিজৰ অসুস্থতাৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে যদিও বিষয়টোক লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে। যিহেতু সংসদৰ বৰ্ষাকালীন অধিবেশনৰ আৰম্ভণিৰ দিনটোতে তেওঁ পদত্যাগ কৰিছে সেয়ে এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিছে ৰাজ্যসভাত বাকী দিন কেইটাত কোনে অধ্যক্ষতা কৰিব?
সংবিধানৰ নিয়ম অনুসৰিয়েই উপ-ৰাষ্ট্ৰপতিগৰাকীৰ অনুপস্থিতিত এতিয়া সংসদৰ উচ্চ সদনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিব ৰাজ্যসভাৰ উপ অধ্যক্ষই। বৰ্তমান এই পদত হৰিবংশ নাৰায়ণ সিং এই পদত কাৰ্যনিৰ্বাহ কৰি আছে।
ভাৰতৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন নোহোৱালৈকে তেওঁৱেই এই ভূমিকা সাময়িকভাৱে পালন কৰিব। উল্লেখ্য যে, সংবিধানৰ ৯১ নং অনুচ্ছেদ অনুসৰি ভাৰতৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়েই ৰাজ্যসভাৰো অধ্যক্ষ।
উপ-ৰাষ্ট্ৰপতিৰ পদ কোনো কাৰণত খালী হৈ থাকিলে সংবিধানৰ ৯১ নং অনুচ্ছেদ অনুসৰি ৰাজ্যসভাৰ উপ অধ্যক্ষই সাময়িকভাৱে এই দায়িত্ব পালন কৰে।
কেনেকৈ নিৰ্বাচিত হয় উপ-ৰাষ্ট্ৰপতি?
জগদীপ ধনখড়ৰ পদত্যাগৰ অৰ্থ হ’ল এগৰাকী নতুন উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। ভাৰতীয় সংবিধানৰ ৬৩ৰ পৰা ৭১ নং অনুচ্ছেদ আৰু উপ-ৰাষ্ট্ৰপতি (নিৰ্বাচন) নিয়ম, ১৯৭৪ ৰ জৰিয়তে উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন প্ৰক্ৰিয়া পৰিচালনা হয়।
নিয়ম অনুসৰি ধনখড়ৰ পদত্যাগৰ ৬০ দিনৰ ভিতৰত, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰৰ পূৰ্বে আনুষ্ঠানিক ভাৱে উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। এই নিৰ্বাচনত ৰাজ্যসভা আৰু লোকসভাৰ সদস্যসকলে অংশগ্ৰহণ কৰিব। তেওঁলোকে গোপন বেলটৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব।
বৰ্তমান দেশত মুঠ ৭৮৮ গৰাকী সাংসদ আছে। ইয়াৰ ভিতৰত লোকসভাত ৫৮৮ গৰাকী আৰু ৰাজ্যসভাত ২৪৫ গৰাকী।
এই নিৰ্বাচন পৰিচালনা কৰিব নিৰ্বাচন আয়োগে। ইয়াৰ বাবে আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব।
উপ-ৰাষ্ট্ৰপতি হ’বলৈ প্ৰয়োজনীয় যোগ্যতা
উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা ব্যক্তি এজন ভাৰতীয় নাগৰিক হ’ব লাগিব। তেওঁৰ বয়স অতি কমেও ৩৫ বছৰ হ’ব লাগিব। ৰাজ্যসভালৈ নিৰ্বাচিত হ’ব পৰাকৈ যোগ্য আৰু ভাৰতৰ যিকোনো ঠাইত পঞ্জীয়নভুক্ত ভোটাৰ হ’ব লাগিব।
তাৰোপৰি তেওঁ কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ অধীনত কোনো লাভজনক পদবী গ্ৰহণ কৰিব নালাগিব।
উল্লেখ্য যে, সদ্য পদত্যাদী উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ২০২২ চনৰ আগষ্ট মাহৰ পৰা উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালন কৰি আছিল। তেওঁৰ কাৰ্যকাল ২০২৭ ৰ লৈকে আছিল।