/asomiyapratidin/media/media_files/2025/06/27/sdfsfsdf-2025-06-27-21-14-06.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদ মেলত সাংবাদিকক কৰা তাচ্ছিল্যসূচক মন্তব্যক জাৰ্নালিষ্ট এছোচিয়েচন ফৰ আসাম চমুকৈ জাফায়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷
মন্ত্ৰী গৰাকীয়ে নিজে সাংবাদিকক মাতি তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতো বুলি কৰা বিৰূপ মন্তব্য ধিক্কাৰৰযোগ্য বুলি উল্লেখ কৰে জাফাই ৷ মন্ত্ৰী গৰাকীৰ এই মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ জাফাৰ পৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অতি শীঘ্ৰে ক্ষমা খোজাৰ লগতে অনাগত দিনত এনে ধৰণৰ বিৰূপ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰে৷