বিপদে লগ এৰা নাই! কোটি কোটি টকাৰ উপহাৰ, পুনৰ অভিনেত্ৰী জেকলিনলৈ চমন...

পুনৰ বিপদে লগ দিছে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক। ইতিমধ্যে কেইবাূাৰো সোধা পোচা কৰা হৈছে জেকলিনক। পুনৰ চমন জাৰি কৰিছে দিল্লী আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
বিপদে লগ এৰা নাই! কোটি কোটি টকাৰ উপহাৰ, পুনৰ অভিনেত্ৰী জেকলিনলৈ চমন...

Jacqueline Fernandez summoned by Delhi Police

ডিজিটেল ডেস্ক: দিল্লী আৰক্ষীয়ে সুকেশ চন্দ্ৰশেখৰ প্ৰৱঞ্চনাৰ গোচৰৰ সন্দৰ্ভত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজলৈ চমন জাৰি কৰিছে।  সোমবাৰে পুৱা ১১ বজাত অভিনেত্ৰী গৰাকীক জেৰা চলাব আৰক্ষীয়ে। সুকেশ চন্দ্ৰশেখৰৰ ২০০ কোটি টকাৰ জালিয়াতিৰ গোচৰৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে অভিনেত্ৰী নোৰা ফাতেহীকো  সোধা-পোছা কৰিছিল।

ইয়াৰ পূৰ্বে, জেকলিন ফাৰ্ণাণ্ডেজক আঠ ঘণ্টা ধৰি জেৰা চলাইছিল আৰক্ষীয়ে। সূত্ৰ অনুসৰি, এই সময়ছোৱাত জেকলিন আৰু পিঙ্কি ইৰাণীক মুখামুখিকৈ প্ৰশ্ন কৰা হৈছিল।

আৰক্ষীৰ মতে পিংকী ইৰানীয়ে সুকেশ আৰু জেকলিনক চিনাকী কৰাই দিছিল।পিংকী ইৰানীৰ মতে জেকলিনে জানিছিল যে সুকেশ ২০০ কোটি টকাৰ কেলেংকাৰীত তিহাৰ জেলত আছে। তাৰ পাছতো জেকলিনো উপহাৰ লৈছিল।

উল্লেখ্য যে, জেকলিনৰ মেনেজাৰ প্ৰশান্তৰ পৰাও জব্দ হৈছিল ৮ লাখ টকীয়া এখন বাইক। আৰু এই বাইক খন ২০২১ চনত সুকেশে দিছিল। লগতে জেকলিনকো বহু কোটি টকাৰ উপহাৰ দিছিল।

Jacqueline Fernandez summoned delhi police