প্ৰৱঞ্চনাৰে এছ টি বন্ধুৰ নথি-পত্ৰ ব্যৱহাৰ কৰি ডাক্তৰ হ'ল সাধাৰণ শ্ৰেণীৰ যুৱক

সতেন্দ্ৰ কুমাৰ নামৰ অভিযুক্ত ডাক্তৰগৰাকীয়ে জনজাতীয় বন্ধু ব্রিজৰাজ সিং উইকেৰ নাম আৰু জাতিগত প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি জবলপুৰৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল।

author-image
Asomiya Pratidin
New Update
বাস্তৱ জীৱনৰ '৩ ইডিয়টছ'

বাস্তৱ জীৱনৰ '৩ ইডিয়টছ'

ডিজিটেল ডেস্কঃ হিন্দী চিনেমাৰ দৰেই এটা কাহিনী। এইবাৰ বাস্তৱত '৩ ইডিয়টছ'। ঘটনাৰ স্থান জাবলপুৰ। সাধাৰণ শ্ৰেণীৰ এজন লোকে প্ৰৱঞ্চনাৰে জনজাতীয় (এছ টি) বন্ধুৰ পৰিচয়ৰে চিকিৎসাবিজ্ঞানত আসন নিশ্চিত কৰিলে। পিছে এগৰাকী ৰোগীৰ মৃত্যুৱে উদঙাই দিলে সকলো সত্য।

Advertisment

সতেন্দ্ৰ কুমাৰ নামৰ অভিযুক্ত ডাক্তৰগৰাকীয়ে জনজাতীয় বন্ধু ব্রিজৰাজ সিং উইকেৰ নাম আৰু জাতিগত প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি জবলপুৰৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। সতেন্দ্ৰয়ে ২০১৮ চনত এম বি বি এছ সম্পূৰ্ণ কৰি তেতিয়াৰ পৰাই ব্যক্তিগত চিকিৎসালয়ত কাম কৰি আহিছিল। ইফালে বন্ধু ব্রিজৰাজ উইকে তেওঁৰ পৰিচয় কাঢ়ি লৈ ​​কোনোবাই যে আৰামত জীৱনটো কটাব ধৰিছে, সেই কথা অজ্ঞাতে জীৱনটো আগবঢ়াই লৈ গ’ল। 

পিছে এই কাহিনী বেছি দিন লুকাই নাথাকিল। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত এখন ব্যক্তিগত চিকিৎসালয়ত এগৰাকী ব্যক্তিয়ে চিকিৎসাৰ গাফিলতিৰ বাবে তেওঁৰ মাতৃৰ মৃত্যু হোৱা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত সত্যটো ওলাই পৰে। ব্যক্তিগৰাকীয়ে বিগত বৰ্ষৰ ১ ছেপ্টেম্বৰত তেওঁৰ মাতৃক ভৰ্তি কৰা হৈছিল আৰু পিছদিনাই তেওঁৰ মৃত্যু হৈছিল। ঘটনাৰ পাছতে চিকিৎসালয়ৰ ৰেকৰ্ড পৰীক্ষা কৰিলে। এই পৰীক্ষাত দেখা গ’ল যে আই চি ইউৰ কৰ্তব্যৰত চিকিৎসকজনৰ নাম ডাঃ ব্রিজৰাজ সিং উইকে বুলি তালিকাভুক্ত কৰা হৈছে৷ সেই অনুসৰি তেওঁ আৰক্ষীৰ কাষ চাপি এই বিষয়ে অৱগত কৰে। 

আৰক্ষীয়ে চিকিৎসকজন সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগে লগে প্ৰকৃত ব্রিজৰাজ সিং উইকে ডাক্তৰ নহয় বৰঞ্চ দেৱাল চিত্ৰকৰ বুলি জানিব পাৰি থতমত খালে আৰক্ষী৷ যেতিয়া আৰক্ষীয়ে উইকেক ডাক্তৰৰ ফটো এখন দেখুৱাইছিল, তেতিয়া তেওঁ তৎক্ষণাত তেওঁক পুৰণি বন্ধু সতেন্দ্ৰ কুমাৰ বুলি চিনি পালে। তাৰপাছতে পোহৰলৈ আহিল সমগ্ৰ ঘটনা। 

ঘটনাৰ পাছতে ব্রিজৰাজে সদৰি কৰে, "তেওঁ মোৰ নথি-পত্ৰ গোপনে ৰাখিছিল, হয়তো চুৰি কৰিছিল। ২–৩ বছৰৰ পিছতহে মই এই বিষয়ে অৱগত হৈছিলো, যেতিয়া তেওঁ ইতিমধ্যে নিজৰ পাঠ্যক্ৰমৰ আধাখিনি সম্পূৰ্ণ কৰিছিল।" আৰক্ষীয়ে সতেন্দ্ৰৰ বিৰুদ্ধে জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰিছে। পিছে সম্প্ৰতি অভিযুক্ত সতেন্দ্ৰ পলাতক অৱস্থাত আছে। 

ডাক্তৰ