Advertisment

কেইবাটাও চৰকাৰী কাৰ্যসূচী লৈ অসমত উপস্থিত জে পি নাড্ডা

দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে নিশা গুৱাহাটীত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা। সম্পূৰ্ণ চৰকাৰী কাৰ্যসূচী লৈ অহা নাড্ডাই নিশা ১১.৩৫ বজাত বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰে।

author-image
Asomiya Pratidin
New Update
J P Nadda arrives in Assam

J P Nadda arrives in Assam

ডিজিটেল ডেস্ক : দুদিনীয়া ভ্ৰমণসূচীৰে মঙলবাৰে নিশা গুৱাহাটীত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা। সম্পূৰ্ণ চৰকাৰী কাৰ্যসূচী লৈ অহা নাড্ডাই নিশা ১১.৩৫ বজাত বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰে।

Advertisment

বিমান বন্দৰত সহস্ৰাধিক বিজেপি নেতা- কৰ্মীয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায়। নিশাটো কইনাধৰাস্থিত চৰকাৰী আবাসত কটাই মন্ত্ৰীগৰাকীয়ে।

J P Nadda arrives in Assam
J P Nadda arrives in Assam

 

ইফালে বুধবাৰে পুৱা তেওঁ ৰাওনা হ’ব তেজপুৰ অভিমুখে। তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত অনুষ্ঠিতব্য এক কাৰ্যসূচীত নাড্ডাই অংশগ্ৰহণ কৰিব। তাৰ পাছতে তেওঁ যাব মঙলদৈলৈ। মঙলদৈত এক কাৰ্যসূচীত অংশ লৈ ৰাওনা হ’ব আই আই টি গুৱাহাটীলৈ। 

আই আই টি পৰিদৰ্শন কৰাৰ পাছতে চাংসাৰিলৈ গৈ এইমছ পৰিদৰ্শন কৰিব জে পি নাড্ডাই। তাৰ পাছতে সন্ধিয়া জে পি নাড্ডা উভতি যাব নতুন দিল্লীলৈ।

j p nadda bjp