"ইতি বনলতা"ই মুগ্ধ কৰিলে দৰ্শকক...

bonlota
bonlota

ডিজিটেল সংবাদ নগাঁও : বৃহস্পতিবাৰে “ইতি বনলতা “ ই মুগ্ধ কৰিলে দৰ্শকক ৷ নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া দীপক বৰাৰ ব্যৱস্থাপনা,পৰিকল্পনা আৰু পৰিচালনাৰ কাহিনীসমৃদ্ধ "ইতি বনলতা" নামৰ নাটক খনি মঞ্চস্হ হয় ৷

সমাজৰ মধ্যবিত্ত শ্ৰেণীৰ বিধৱা মহিলা ইতি বৰুৱা ৷ ইতি বৰুৱাৰ নিসংগ জীৱনৰ বিপৰিতে এজনী বনকৰা গাভৰু ছোৱালী বনলতাৰ দুৰ্বিসহ জীৱনৰ কৰুণ গাঠা সুন্দৰ ভাবে নাটকখনৰ জৰিয়তে নাট্যকাৰে উপস্হাপন কৰিছে ৷

চৰিত্ৰ দুটি নাট্যকাৰে সুক্ষ্ম ভাবে পৰ্যবেক্ষণ কৰাটো স্পষ্ট হৈছে ।দুই অভিনেত্ৰীয়ে দৰ্শকক আপ্লুত কৰি ৰাখিবলৈ সক্ষম হয় ৷

নাটকখনিত ইতি বৰুৱাৰ চৰিত্ৰত অভিনয় কৰিছে পূৰবী শইকীয়াই ৷ বনলতাৰ চৰিত্ৰত সুস্মিতা শইকীয়া ৷ দুয়োগৰাকীৰ অভিনয় আছিল শক্তিশালী ৷

গণেশ বৰুৱাৰ চৰিত্ৰত আছিল ৰাজেন ফুকন ,দময়ন্তীৰ চৰিত্ৰত কবিতা কটকী,সান্তনাৰ চৰিত্ৰত কিনকিন মহন্ত ,মৃদুলা আৰু কংকনাৰ চৰিত্ৰত ক্ৰমে জ্যোতিষ্ণা গোহায় আৰু হৃষিকাৰ বৰাৰ অভিনয় আছিল অতি মনোগ্ৰাহী । আলোক নিয়ন্ত্ৰণত আছিল ৰাজেন ফুকন আৰু শব্দ নিয়ন্ত্ৰণ গুনকান্ত দাসৰ৷

সাংস্কৃতিক মন্ত্ৰালয় ,নতুন দিল্লীৰ সহযোগিতাত নগাঁৱৰ অবিনশ্বৰ গোষ্ঠীয়ে দীপক বৰাৰ ব্যৱস্থাপনা ,পৰিকল্পনা আৰু পৰিচালনাত এখন বাস্তৱধৰ্মী নাটক ইতি বনলতা মঞ্চস্হ কৰে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in