/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/JAMMU-16.jpg)
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ৭ জনকৈ সেনা জোৱানৰ প্ৰাণ। আনহাতে এতিয়াও শ্ৰীনগৰৰ হাস্পতালৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজি আছে আন বহু কেইজন জোৱানে। জন্মুা-কাশ্মীৰৰ পেহলগামত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
ঘটনাৰ বিৱৰণ অনুসৰি আই টি বি পিৰ এখন বাহনে ৩৭ গৰাকীকৈ জোৱান আৰু ২ জন আৰক্ষীৰ লোক কঢ়িয়াই নিয়াৰ সময়তে নদীত বাগৰি পৰে। ফলত থিতাতে ৭ জননৈ জোৱানৰ মৃত্যু হোৱাৰ লগতে বহু জোৱান আহত হৈছে। আহতসকলৰ মাজত কেইবাজনৰো অৱস্থা সংকটজনক।
জানিব পৰা মতে বাছখনৰ ব্ৰেক ফেইল হোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত পতিত হোৱা এই বাছখন চন্দনৱাৰীৰ পৰা পহেলগামলৈ গৈ আছিল। এই আটাইকেইজন জোৱানেই অমৰনাথ যাত্ৰাৰ সুৰক্ষাৰ কামত নিয়োজিত হৈ আছিল।