২০১৪ চনৰ পাছতহে ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যই সুকীয়া স্থান লাভ কৰিছে : উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিং

সমগ্ৰ বিশ্বতে ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু প্ৰাচীন ঐতিহ্যৰ আছে এক সুকীয়া স্থান। আজি বিশ্ববাসীয়ে ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যক অসীম শ্ৰদ্ধা কৰে। 

author-image
Asomiya Pratidin
New Update
হৰিবংশ নাৰায়ণ সিং

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বতে ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু প্ৰাচীন ঐতিহ্যৰ আছে এক সুকীয়া স্থান। আজি বিশ্ববাসীয়ে ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যক অসীম শ্ৰদ্ধা কৰে। 

Advertisment

বিশ্ববাসীয়ে জানিব বিচাৰে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ বিষয়ে। দেশত যেতিয়া ২০১৪ চনত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন হৈছিল, তাৰ পাছৰ পৰা ভাৰতীয় সংস্কৃতিয়ে এক গতি লাভ কৰিছে। বিশ্ব দৰবাৰত উজলি উঠিবলৈ সক্ষম হৈছে ভাৰতীয় সভ্যতা আৰু ঐতিহ্য।– এই মন্তব্য ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙৰ। 

উল্লেখযোগ্য যে, ১৮ এপ্ৰিলত অনুষ্ঠিত হোৱা বিশ্ব ঐতিহ্য দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি সংস্কৃত কা পঞ্চৱ আধ্যায় শীৰ্ষক বক্তৃতানুষ্ঠানত উপস্থিত থাকে উপাধ্যক্ষগৰাকী। এই অনুষ্ঠানত তেওঁ লগতে কয়- আজি বিশ্বদৰবাৰত ভাৰতীয় সভ্যতা আৰু সংস্কৃতিয়ে কথা কয়। এই আটাইবোৰ সফলতাৰ আঁৰৰ ব্যক্তিগৰাকী হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই সমূহ কৃতিত্বৰ গৰাকী কেৱল তেওঁ। 

ভাষণ প্ৰসংগত তেওঁ ইয়াকো কয় যে, ২০০৮ চনত ইউৰোপত বাস কৰা এজন ভাৰতীয় গুৰুৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰম্ভ কৰাৰ বাবে বহু প্ৰচেষ্টা চলাইছিল। তাৰোপৰি ভাৰত চৰকাৰৰ পৰা সহায় বিচাৰিছিল। লক্ষ্যণীয়ভাৱে সুদীৰ্ঘ ৮ বছৰৰ পাছত ২০১৬ত প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ সপোনক বাস্তৱত পৰিণত কৰিছিল। ২১ জুনত পালন কৰা হৈছিল আন্তৰ্জাতিক যোগ দিৱস।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী