গুৱাহাটীত ISVIRৰ মধ্যকালীন আলোচনা চক্ৰ

তিনিদিনীয়া কাৰ্যসূচীৰে ২৫ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে ইণ্ডিয়ান চচ্ছাইটি অৱ ভেছকুলাৰ এণ্ড ইন্টাৰভেনচনেল ৰেডিঅ'লজীৰ (ISVIR) মধ্যকালীন আলোচনা চক্র।

author-image
Asomiya Pratidin
New Update
ASHOK

ডিজিটেল সংবাদ, গুৱাহাটীঃ তিনিদিনীয়া কাৰ্যসূচীৰে ২৫ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে ইণ্ডিয়ান চচ্ছাইটি অৱ ভেছকুলাৰ এণ্ড ইন্টাৰভেনচনেল ৰেডিঅ'লজীৰ (ISVIR) মধ্যকালীন আলোচনা চক্র। জটিলতাৰ পৰা শিক্ষা শীৰ্ষক বাণীৰে ISVIRৰ উত্তৰ-পূব শাখাই আয়োজন কৰা এই আলোচনা চক্র শনিবাৰে মুকলি কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্রী অশোক সিংহলে। হোটেল কিৰণশ্ৰী গ্রেণ্ডত অনুষ্ঠিত এই আলোচনা চক্ৰত দেশৰ বিভিন্ন প্ৰান্তৰ তিনিশৰো অধিক ইণ্টাৰভেনচনেল ৰেডিঅ'লজিষ্টে অংশগ্রহণ কৰিছে।

Advertisment

ইন্টাৰভেনচনেল ৰেডিঅ'লজী চিকিৎসা পদ্ধতিৰ দ্বাৰা ষ্টক, ট্রমা, কেন্সাৰ আদি ৰোগৰ ক্ষেত্রত সম্প্রতি অসম তথা উত্তৰ-পূবৰ ৰোগীসকল চিকিৎসা লাভৰ বাবে সক্ষম বুলি প্রকাশ কৰে ISVIRৰ উত্তৰ-পূব শাখাৰ অধ্যক্ষ ডা০ প্রদীপ হাতীমতাই। IR চিকিৎসা পদ্ধতিৰদ্বাৰা জটিল অস্ত্রোপচাৰৰ সংখ্যা কমোৱাৰ প্ৰচেষ্টাৰ কথা ব্যক্ত কৰে ISVRৰ উত্তৰ-পূব শাখাৰ সম্পাদক ডা০ দিব্যমোহন হাজৰিকাই। আলোচনা চক্রত ISVIRৰ অধ্যক্ষ ডা০ শ্যামকুমাৰ কেশৱা আৰু সম্পাদক ডা০ নীতিন চেট্টীয়ে অংশ লৈ ISVIRৰ উত্তৰ-পূব শাখাৰ এই পদক্ষেপক বিশেষভাৱে প্ৰশংসা কৰে। সাধাৰণ ৰোগীৰ সুবিধার্থে IR চিকিসা পদ্ধতিৰ অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ পোষকতা কৰে দেশৰ বিশেষজ্ঞ চিকিৎসক দুগৰাকীয়ে।

উল্লেখযোগ্য যে, বিজ্ঞান আৰু প্ৰযুক্তিগত কৌশলৰ প্রতিনিয়ত বিকাশে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আনিছে অকল্পনীয় পৰিৱৰ্তন। এই ক্ষেত্ৰত ইন্টাৰভেনচনেল ৰেডিঅ'লজী অর্থাৎ IR আধুনিক চিকিৎসা বিজ্ঞানৰ এক যুগান্তকাৰী উদ্ভাৱন। কেন্সাৰ, স্ট্রোক, বন্ধ হোৱা ৰক্তবাহী নলী, ৰক্তক্ষৰণ, সংক্ৰমণ আৰু বিভিন্ন বিষৰ চিকিৎসাৰ ক্ষেত্ৰত IR চিকিৎসা পদ্ধতি বর্তমান বহুলভাবে ব্যৱহৃত। এই চিকিৎসা পদ্ধতিত ৰোগীৰ অস্ত্রোপচাৰ প্রয়োজন সাপেক্ষে সম্পন্ন কৰা হয়। এই চিকিৎসা পদ্ধতিত ৰোগী কম সময়ৰ বাবেহে চিকিৎসালয়ত থাকিবলগীয়া হয়। আনহাতে চিকিৎসাকালীন সময়ত ৰোগীয়ে অনুভৱ কৰে বহু কম কষ্টৰ। কিয়নো ৰোগীৰ শৰীৰত সৰু ফুটা কৰি ধমনী বা সিৰাৰ ৰাষ্টাৰে সম্পন্ন কৰা হয় এই বিশেষ অস্ত্রোপ্ৰচাৰ।

অশোক সিংহল