প্ৰাক্তন সাংবাদিক আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী, ঘোষণা কেজৰিৱালৰ...

অৱশেষত আম আদমী পাৰ্টীয়ে ঘোষণা কৰিলে গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম।

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন সাংবাদিক আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী, ঘোষণা কেজৰিৱালৰ...

isudan gadhvi

ডিজিটেল ডেস্ক: অৱশেষত আম আদমী পাৰ্টীয়ে ঘোষণা কৰিলে গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম। আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইচুদান গাধৱীক আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে।

Advertisment

কেজৰিৱালে আহমেদাবাদত এখন সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। য'ত ৭৩ শতাংশ লোকে ইচুদানক মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে। ২৯ অক্টোবৰত কেজৰিৱালে ৰাজ্যখনত দলটোৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'ব লাগে জানিবলৈ এছএমএছ, হোৱাটছএপ, ভইচ মেইল আৰু ই-মেইলৰ জৰিয়তে দলটোৰ সৈতে যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছিল। তাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে আপে।

১৯৮২ চনৰ ১০ জানুৱাৰীত জামনগৰ জিলাৰ পিপালিয়া গাঁৱত ইচুদান গাধৱীৰ জন্ম হৈছিল। তেওঁৰ দেউতাক খেৰাজভাই এজন কৃষক আৰু গোটেই পৰিয়ালটোও খেতিৰ সৈতে জড়িত। ইচুদান গাধৱী এগৰাকী প্ৰাক্তন সাংবাদিক আৰু গুজৰাটৰ এজন জনপ্ৰিয় টিভি এংকৰ।

তেওঁ ২০২১ চনৰ জুনত আপত যোগদান কৰিছিল। ইচুদান গাধভি বৰ্তমান আপৰ ৰাষ্ট্ৰীয় যুটীয়া সাধাৰণ সম্পাদক, আৰু লগতে দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য।

gujarat aap arvind kejriwal